দলগাঁও দৈনিক বজাৰৰ কদৰ্যময় ৰূপ... বজাৰ পৰিচালনা সমিতি গভীৰ নিদ্ৰাত

ফখৰুল ইছলাম, খাৰুপেটীয়াঃ দৰং জিলাৰ দলগাঁও ৰাজহচক্ৰৰ অধীনৰ দলগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত দলগাঁওস্থিত দৈনিক বজাৰৰ কদৰ্যময় ৰূপে সচেতন ৰাইজক ভবাই তুলিছে৷

বজাৰখনৰ ঘৃণনীয় পৰিৱেশে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে৷ জাবৰ-জোথৰৰ দ’ম,  গেলা-পচা দুৰ্গন্ধ তথা এজাক বৰষুণতে একপ্ৰকাৰৰ দৈনিক বজাৰখন নৰকস্থলীলৈ পৰিণত কৰিছে৷ 

মাছৰ বজাৰ, পাচলি বজাৰ, কাপোৰ বজাৰ, মাংসৰ বজাৰৰ কাষতে বৃহৎ জাবৰৰ দম, দুৰ্গন্ধই গ্ৰাহকসকলক বিবুধিত পেলোৱাৰ লগতে ব্যৱসায়ীসকলেও স্বাস্থ্যৰ লগত হেতালি খেলি ব্যৱসায় কৰিবলৈ বাধ্য হৈছে৷

আনকি মল-মূত্ৰ ত্যাগ কৰিবলৈও দলগাঁও বজাৰত নাই ৰাজহুৱা শৌচালয়৷ য'তে-ত’তে গ্ৰাহক,  ব্যৱসায়ীসকলে মল-মূত্ৰ ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ বজাৰ পৰিচালনা সমিতিয়ে প্ৰতিজন ব্যৱসায়ীৰপৰা মাচুল ঠিকেই লয়, কিন্তু বজাৰখন স্বচ্ছ কৰি ৰখাত অলপো গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে৷

বজাৰ পৰিচালনা সমিতিৰ বাবে ব্যৱসায়ী, গ্ৰাহকৰ স্বাস্থ্যৰ যেন কোনো গুৰুত্ব নাই৷ ব্যৱসায়ীসকলে কেইবাবাৰো অভিযোগ কৰিছে যদিও এই সম্পৰ্কত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই৷ 

যিসময়ত সমগ্ৰ ভাৰততে স্বচ্ছ ভাৰতৰ নামত কোটি কোটি টকা খৰচ কৰা হৈছে, সেই সময়ত সদা ব্যস্ত দলগাঁও দৈনিক বজাৰৰ কদৰ্যময় স্বৰূপে সচেতন মহলক আশ্চৰ্যকৃত কৰি তুলিছে৷ সচেতন ৰাইজে বজাৰখন স্বচ্ছ কৰি ৰখাত গুৰুত্ব দিবলৈ বজাৰ পৰিচালনা সমিতিক দাবী জনাইছে৷ অন্যথা প্ৰয়োজনত প্ৰতিবাদী কাৰ্যসূচী ল'ব বুলি একাংশ ৰাইজে হুংকাৰ দিছে৷