ভৱিষ্যতে চিকিৎসক হোৱাৰ মন অষ্টম স্থান প্ৰাপ্ত নিশিতাৰ

জয়ন্ত মুদৈ, নগাঁওঃ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে নগাঁও জিলাৰ বেবেজীয়াৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান আৰ্য জাতীয় বিদ্যালয়লৈ আনন্দৰ জোৱাৰ আনিছে৷

শিক্ষানুষ্ঠানখনৰপৰা পোন প্ৰথমবাৰৰ বাবে অঞ্চলটোৰ শৈক্ষিকক্ষেত্ৰখনক উজ্জ্বলাই ছাত্ৰী নিশিতা খাটনিয়া (টিনা)ই ৰাজ্যৰ ভিতৰত অষ্টম স্থান দখল কৰিবলৈ সক্ষম হয়৷ ছাত্ৰীগৰাকীয়ে অসমীয়াত ৯৬, ইংৰাজীত ৯৫, গণিত ১০০, উচ্চ গণিত ৯৭, সাধাৰণ বিজ্ঞান ১০০ আৰু সমাজবিদ্যাত ৯৮ শতাংশ নম্বৰসহ সৰ্বমুঠ ৫৮৬ নম্বৰ লাভ কৰিছে৷

বেবেজীয়াৰ সমীপৰ কৃষ্টি সংস্কৃতিৰে বিঢৌত তথা বিখ্যাত কমলাবাৰীসত্ৰৰ অধীনস্থ শাখাসত্ৰখনৰ নিচেই কাষৰ বৰজহা নিবাসী তথা ডাকৰঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মন্টু খাটনিয়াৰ আৰু দীপালী বৰা খাটনিয়াৰৰ দুহিতা নিশিতাৰ এই ঈষণীয় ফলাফল লাভ কৰাৰ পাছতেই তেওঁৰ বাসগৃহত অগণন লোকৰ সমাগম হয়৷

এই প্ৰতিবেদকৰে হোৱা কথা-বাৰ্তাত সমাজসেৱা কৰাৰ হাবিয়াসৰ কথা উল্লেখ কৰি নিশিতাই ভৱিষ্যতে চিকিৎসক হোৱাৰ আশা পুহি ৰখাৰ কথা ব্যক্ত কৰে৷ দৈনিক ১০-১১ ঘন্টাকৈ অধ্যয়ন কৰা নিশিতাই সদ্যহতে নগাঁৱতে বিজ্ঞান শাখাত নামভৰ্তি কৰিব৷ জীৱবিদ্যা বিষয়ৰ প্ৰতি গভীৰ অনুৰাগ থকা নিশিতাই তেওঁৰ সমনীয়াসকলক ক’ব খোজে যে সময়ৰ কাম সময়ত কৰিব লাগে৷ "টাইম মেনেজমেন্ট" মানুহৰ বাবে খুব প্ৰয়োজন৷

আত্মসন্তুষ্টি লাভ নকৰা পৰ্যন্ত শিকিয়েই থাকিব লাগে বুলি অভিমত দাঙি ধৰা মেধাৱী ছাত্ৰীগৰাকীয়ে লগতে শিক্ষাজীৱনত পাঠ্যক্ৰমৰ বাহিৰেও অন্য গ্ৰন্থ অধ্যয়নৰ মহত্ত্ব অপৰিসীম বুলি মন্তব্য কৰে৷  

মূলতঃ বানপানী আৰু নিৱনুৱা সমস্যাই চিন্তিত কৰা নিশিতাই প্ৰসংগক্ৰমে 'কেব’ৰ বিৰোধিতাৰে উত্তাল হৈ থকা ৰাজ্যবাসীৰ প্ৰতি চৰকাৰে যোগাত্মক দৃষ্টিভংগী লোৱাটো বিচৰাৰ লগতে এবিলিটি, পটেনচিয়েলিটি আদি গুণেৰে ৰাজ্যখন আগুৱাই যোৱাটো বিচাৰে৷

তেওঁ লগতে চৰকাৰে জাতীয় দায়িত্ব পালন কৰিছে বুলি ভাবে যদিও ৰাজনীতিৰ প্ৰতি আকৰ্ষণ নাই বুলি দোহাৰে৷ নিজৰ শিক্ষানুষ্ঠানখনৰ সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে কয় যে শিক্ষানুষ্ঠানখন বাহ্যিকভাৱে উন্নত ন’হলেও শিক্ষাগুৰুসকলৰ তত্ত্বাবধান আৰু দায়বদ্ধতাই মন্ত্ৰমুগ্ধ কৰি ৰখা বুলি গুৰুত্বপূৰ্ণ অভিমত প্ৰকাশ কৰি গণিত, উচ্চ গণিত আৰু ইংৰাজী বিষয়ত ঘৰুৱা টিউচনৰ সহায় লোৱাৰ লগতে গনিতৰ শিক্ষক লৱকান্ত শৰ্মাৰ নাম বিশেষভাৱে উচ্চাৰণ কৰে৷

তেওঁৰ দৃষ্টিত শিক্ষাৰ মাধ্যম কোনো কাৰণতে ছাত্ৰ-ছাত্ৰীৰ সাফল্যৰ অন্তৰায় হ’ব নোৱাৰে৷ ইংৰাজী ভাষা জ্ঞানৰ অনুভৱ কৰা নিশিতাই শিক্ষাৰ সঠিক মূল্যাংকন হোৱাটো বিচাৰে৷ আহৰি সময়ত ছবি আঁকি আৰু কাপোৰত ডিজাইন তুলি ভালপোৱা নিশিতাৰ আন এক আকৰ্ষণীয় গুণ হ’ল তেওঁ এগৰাকী প্ৰতিভাৱান শিশু কন্ঠশিল্পী৷ তেওঁ ইতিমধ্যে শাস্ত্ৰীয় সংগীতৰ বিশাৰদ লাভ কৰিছে৷ "জীৱনে-মৰণে মই চিৰদিন অসমীয়া" এই কালজয়ী গীতটিয়ে সদায় প্ৰভাৱিত কৰি অহা নিশিতা "ঝংকাৰ লিটল চেম্‌ছ ছেছন-২"ৰ গ্ৰেণ্ড ফিনালি৷

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ কালজয়ী উপন্যাস "মৃত্যুঞ্জয়ী" আৰু সত্যনাথ বৰাৰ "সাৰথি"ক প্ৰিয়গ্ৰন্থৰ শাৰীত ৰাখিলেও তেওঁৰ প্ৰিয় লিখক হ’ল হোমেন বৰগোহাঞি আৰু ৰীতা চৌধুৰী৷ বৰ্তমান সময়ত গ্ৰন্থৰ আদৰ কিছু পৰিমাণে হ্ৰাস হোৱা যেন অনুভৱ কৰা নিশিতাই ইন্টাৰনেটত যিমানেই নপঢ়ক কিয় তাৰপৰা সম্পূৰ্ণ আনন্দ পাব নোৱাৰি বুলি মত ব্যক্ত কৰাৰ লগতে সাম্প্ৰতিক সময়ত ম’বাইল, ফেচবুক, হোৱাটচ্‌ এপৰ ভাল-বেয়া দুয়োটাই গুণ আছে আৰু তাৰে ভালবোৰ আয়ত্ত কৰিব পাৰিলেই জীৱনে সুন্দৰতা লাভ কৰিব তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে৷

ইফালে, নিশিতাৰ এনে সাফল্যত বৃহত্তৰ বেবেজীয়া আৰু বৰজহাত আজি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷