ডবকাত ড্ৰাগসহ আটক এজন

গুৱাহাটীঃ ড্ৰাগছৰ বিৰুদ্ধে হোজাইৰ ডবকাত চিআইডি-ভিজিলেন্সৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগসহ আটক তাহিমুদ্দিন মজুমদাৰক।

চিআইডি আৰু ভিজিলেন্সে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে তেওঁলোকে অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে। অভিযানত তাহিমুদ্দিন মুজমদাৰৰ গুদামত জব্দ কৰা হৈছে ৪৭ হাজাৰ ক'ফ চিৰাপ সহ ২ লাখ ৬০ হাজাৰ নিচাযুক্ত টেবলেট। লগতে তেওঁলোকে কয় নীতি বহিৰ্ভূতভাৱে এই সামগ্ৰীখিনি তাহিৰুদ্দিনে গুদামত ৰাখিছিল।

ইফালে ড্ৰাগছসহ ধৃত তাহিৰুদ্দিনক চিআইডি আৰু ভিজিলেন্সে গ্ৰেপ্তাৰ কৰাৰ পাছত সোমবাৰে আদালতত হাজিৰ কৰোৱা হয়।

প্ৰাথমিক জেৰাত ড্ৰাগছ ব্যৱসায়ী তাহিমুদ্দিনে উল্লেখ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য। সেই অনুসৰি তাহিমুদ্দিনে নাগালেণ্ড, ডিমাপুৰ, কাৰ্বি আংলং, ডিমা হাছাওলৈ নিয়মিতভাৱে যোগান ধৰে ড্ৰাগছ।

ইয়াত উপৰি চিআইডি আৰু ভিজিলেন্সৰ আগত স্বীকাৰ কৰিছে গুৱাহাটীৰ চাৰিটা স্থানত অবৈধ ড্ৰাগছৰ ঘাটি আছে।

ইফালে জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য ৯০ লাখ ৪০ হাজাৰ টকা হ’ব বুলি আজি এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিছে চিআইডি আৰু ভিজিলেন্সে। সংবাদমেলখনত উপস্থিত আছিল চিআইডিৰ আইজিপি সুৰেদ্ৰ কুমাৰ, ভিজিলেন্সৰ অনুৰাগ বাংখা প্ৰমুখ্যে কেইবাজনো বিষয়া।