বাণিজ্য শাখাত অষ্টম স্থানেৰে উজলি উঠিল মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীয়াংশু আগৰৱালা

উজ্জ্বল চৌধুৰী, লিডুঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰিক্ষাৰ বানিজ্য শাখাৰ ফলাফল অনুযায়ী ৰাজ্যখনৰ ভিতৰতে অষ্টম স্থানেৰে জিলিকি উঠিল মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীয়াংশু আগৰৱালা৷ 

মাৰ্ঘেৰিটাৰ নিবাসী তথা মহাবিদ্যালয়খনিৰ বাণিজ্য শাখাৰ অধ্যাপক বিনোদ আগৰৱালাৰ পুত্ৰ প্ৰীয়াংশু আগৰৱালাই মুঠ ৪৫৭ নম্বৰ লাভ কৰি মহাবিদ্যালয়খনিৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে৷ 

উল্লেখ্য যে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ ছাত্ৰই ধাৰাৱাহিকভাৱে এইবাৰো দ্বিতীয়বাৰলৈ বাণিজ্য শাখাত ৰাজ্যখনৰ ভিতৰতে স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷