জুলাইৰপৰা সলনি হ'ব ৰাজ্য চৰকাৰ কাৰ্যলয়ৰ সময়সূচী

গুৱাহাটীঃ আগন্তুক পহিলা জুলাইৰপৰা সলনি হ'ব ৰাজ্য চৰকাৰৰ কাৰ্যলয়ৰ সময়সূচী। সেই অনুসৰি পহিলা জুলাইৰপৰা চৰকাৰী কাৰ্যলয়ত কৰ্মচাৰী উপস্থিত হ’ব লাগিব পুৱা ৯.৩০ বজাৰ পৰিৱৰ্তে পুৱা ৯ বজাত। একেদৰে কাৰ্যলয়ত কৰ্মচাৰী সকলে আবেলি ৫ বজাৰ পৰিৱৰ্তে কৰ্ম সম্পাদন কৰিব লাগিব আবেলি ৬ বজালৈকে। অৰ্থাৎ চৰকাৰী কৰ্মচাৰী সকলে পূৰ্বৰ ৮ ঘন্টাৰ পৰিৱৰ্তে এতিয়া কাৰ্যলয়ত থাকিব লাগিব ৯ ঘন্টা। 

কৰ্মচাৰী সকলৰ কৰ্ম সময় এক ঘণ্টা বৃদ্ধি কৰিলেও এতিয়াৰপৰা কৰ্মচাৰী সকলে সপ্তাহত দুটাকৈ দিন কাৰ্যলয় বন্ধ পাব। সেই অনুসৰি সপ্তাহৰ প্ৰতিটো শনিবাৰ আৰু দেওবাৰে কৰ্মচাৰী সকলৰ কাৰ্যলয় বন্ধ থাকিব৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত ইতিমধ্যে সম্পূৰ্ণ কৰিছে সকলো যাৱতীয় কাম-কাজ। কেৱল মাত্ৰ সোণোৱাল চৰকাৰৰ কেবিনেট গৃহীত হ’লে ১ জুলাইৰপৰা কাৰ্যকৰি হ'ব এই নতুন নিয়ম।