বকলিয়াঘাটত সেনাৰ গ্ল'বেল ডে' অব পেৰেণ্টছ সন্দৰ্ভত বক্তৃতা

ছাইদুল ইছলাম, ডিফুঃ বিশ্বায়ণ পিতৃ দিৱসৰ লগত সংগতি ৰাখি পূব কাৰ্বি আংলঙত নিয়োজিত সেনাৰ ৰেড হৰ্ণ ডিভিজনে শনিবাৰে বকলিয়াঘাটত গ্ল’বেল ডে' অব পেৰেণ্টছ সন্দৰ্ভত এক বক্তৃতা অনুষ্ঠান আয়োজন কৰে৷

উক্ত বক্তৃতানুষ্ঠানত তিতলিগুৰি, ফলেংফেট আৰু বকলিয়াৰপৰা ২০ গৰাকী মহিলা আৰু বকলিয়াঘাট ৰূকাছেন কলেজৰপৰা ৪ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটোত বিশেষকৈ শিশুসকলক বিভিন্ন কেৰিয়াৰ সন্দৰ্ভত শিশুসকলৰ সাধ্য অনুসৰি অগ্ৰাধিকাৰ দিয়াৰ লগতে লক্ষ্য প্ৰাপ্ত নোহোৱালৈকৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ পিতৃ-মাতৃসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়৷

অনুষ্ঠানটো আৰম্ভ হোৱাৰ পূৰ্বে পিতৃ-মাতৃ আৰু শিক্ষকসকলৰ মাজত মুকলি মত বিনিময় হয়৷ উক্ত অনুষ্ঠানটোৰ বাবে স্থানীয় ৰাইজে সেনাৰ শলাগ লয়৷