প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ প্ৰয়াস মৰিগাঁও জিলা প্ৰশাসনৰ

জিতুমনি নাথ, মৰিগাঁও

মৰিগাঁওঃ ৰাষ্ট্ৰীয় জলক্ৰীড়াস্থলী মৰিগাঁও নগৰৰ সমীপৱৰ্তী চাৰণ বিলৰ নান্দনিক সৌন্দৰ্য বৰ্ধনৰ বাবে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে মৰিগাঁও জিলা প্ৰশাসনে। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ হৈ জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত বুধবাৰে গ্ৰহণ কৰে এলানি বিশেষ কাৰ্যসূচী।

প্ৰাকৃতিক সৌন্দৰ্যই ভৰপুৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া স্থলী মৰিগাঁও চাৰণ বিলৰ নান্দনিক সৌন্দৰ্য বৃদ্ধিৰ বাবে মৰিগাঁও-জাগীৰোড পথৰ চাৰণ বিলৰপৰা জাগীৰোডলৈ আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত এক লাখ গছপুলি ৰোপণৰ সংকল্প গ্ৰহণ কৰে মৰিগাঁও জিলা প্ৰশাসনে। মৰিগাঁও জিলা প্ৰশাসনৰ এই প্ৰশংসনীয় কাৰ্যক সহযোগিতা আগবঢ়াইছে মৰিগাঁৱৰ স্বেচ্ছাসেৱী অনুষ্ঠান এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটি, মৰিগাঁও জিলা শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সেৱা বাহিনী, স্বেচ্ছাসেৱী অনুষ্ঠান নাৰায়ণ এছ'চিয়েচনৰ উপৰি মৰিগাঁও জিলাৰ বন বিভাগ, জিলা গ্ৰাম্য উন্নয়ন অভিকৰণ আদি কৰি জিলা প্ৰশাসনৰ বহু কেইটা বিভাগে। 

এই উপলক্ষে চাৰণ বিলৰ পাৰৰ মৰিগাঁও-জাগীৰোড পথৰ কাষতে এখন উদ্ধোধনী সভাও অনুষ্ঠিত কৰা হয়। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে বৃক্ষৰোপণ কাৰ্যসূচী উদ্ধোধন কৰি দিয়া ভাষণত দেউৰীয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্রত মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। তদুপৰি বৰ্তমান পৰিবেশ পৰিস্থিতিত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সকলোকে সজাগ হ’বলৈ আহ্বান জনাই বিধায়ক দেউৰীয়ে। 

মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই কয় যে গছপুলি ৰোপণ কৰিলেই নহ’ব ইয়াক জীয়াই ৰখাৰ ক্ষেত্রতো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বৰ্তমানে জিলাখনৰ বিভিন্ন অনুস্থান-প্ৰতিস্থানৰ সহযোগত মৰিগাঁও-জাগীৰোড পথৰ দুয়োকাষে চাৰণ বিলৰ পাৰ জাগীৰোড আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত  ৰোপণ কৰিব লগা এক লাখ বৃক্ষৰোপণ কাৰ্যসূচীত সকলো ৰাইজকে সহায় সহযোগিতা কৰিবলৈ আহ্বান জনোৱাৰ লগতে গছপুলি সমূহ জীয়াই ৰখাৰ ক্ষেত্রতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনায়। 

বৃক্ষৰোপণ কাৰ্যসূচীত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱা, সাহিত্যিক মিলেশ্বৰ পাতৰ, শিল্পী অশোক ডেকা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, প্ৰবক্তা ড০ বোধেশ্বৰ কলিতা, সমাজ কৰ্মী লেনিন ডেকা, জাতীয় ঐক্য মঞ্চৰ মুখপাত্ৰ অজিত ডেকা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ সম্পাদক জিতুমনি নাথ, এণ্টি গ্লোৱেল ৱাৰ্মিং ছ'চাইটিৰ সম্পাদক সত্যব্ৰত বৰঠাকুৰ, নিৰ্বাচন বিষয়া কল্যাণী কংকনা দাস, মৰিগাঁও ৰাজহ চক্ৰৰ বিষয়া সংঘমিত্ৰা ভাগৱতী, উন্নয়ন আয়ুক্ত পল্লব জ্যোতি দাস, জিলা সমাজকল্যাণ বিষয়া দেৱজিত বৰা, ৰাজ্যিক গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা পৰাগজ্যোতি বৰ্মণ, ভূৰবন্ধাৰ খণ্ড উন্নয়ন বিষয়া অতুল বৰুৱা আদি কৰি স্থানীয় ৰাইজ আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে।
 
ইফালে  জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচীৰ মাজতেই বিশ্ব ধঁপাত বিহীন দিৱস ২০১৯ আৰু বিশ্ব পৰিবেশ দিৱস উপলক্ষে স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এক সজাগতা সমদলো উলিওৱা হয়। সমদলত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, জিলা উপায়ুক্ত ঋতুৰাজ বৰা, অতিৰিক্ত উপায়ুক্ত লক্ষীনন্দন চহৰীয়া, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়া জয়া বড়োকে আদি কৰি বিষয়া কৰ্মচাৰীৰ লগতে ভালে সংখ্যক স্থানীয় লোকে অংশগ্ৰহণ কৰে।