মৰিয়নীত বিহ দি নাহৰ ফুটুকী হত্যা দুৰ্বৃত্তৰ               

মৰিয়নীঃ মৰিয়নীৰ গাভৰু পৰ্বত চাহ বাগিছাত নাহৰফুটুকী বাঘ হত্যা। পূৰ্ণ বয়স্কৰ নাহৰফুটুকীতোক বিহ দি হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। 

চাহ বাগিছাৰ এটা নলাত উদ্ধাৰ হয় বৃহৎকাৰৰ মৃত নাহৰফুটুকীটো। বাঘটোৰ দাঁত নখ কাটি লৈ যায় দুস্কৃতিকাৰীয়ে। উল্লেখ্য যে, অঞ্চলটোত দীৰ্ঘ দিন ধৰি কেইবাটাও নাহৰ ফুটুকী বাঘে বিচৰন কৰি সন্ত্ৰাস চলাই অহা লগতে বহু লোকৰ পশুধন হানি কৰিছিল। সম্প্ৰীতি বনবিভাগে মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। 

ইয়াৰ পূৰ্বেও বাগিছাখনত বহুকেইটা বাঘ দুস্কৃতিকাৰীৰ হাতত মৃত্যু হৈছিল। এই বিষয়ৰ সন্দৰ্ভত বন বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উঠি আহিছে। আনহাতে, এনেদৰে দুস্প্ৰাপ্য নাহৰফুটুকী বাঘৰ মৃত্যুৰ ফলত নাহৰ ফুটুকী বাঘৰ হাৰ দ্ৰুত গতিত হ্ৰাস পোৱাত প্ৰকৃতি প্ৰেমী সকল চিন্তিত হৈ পৰিছে।                 

মৰিয়নী,  সপোন ৰহমান শইকীয়া