অন্ধবিশ্বাসৰ বলি হোৱা অভি-নীলে ন্যায় পাবনে???

গুৱাহাটীঃ অভি–নীল হত্যাকাণ্ডৰ ৪৫ অভিযুক্তৰ শুকুৰবাৰে জামিনৰ শুনানিৰ দিন ধাৰ্য কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ত হ’ব পূৰ্ণাংগ শুনানি। 

আৰক্ষীক ইতিমধ্যে সম্পূৰ্ণ তথ্য দাখিল কৰাৰ নিৰ্দেশ দিছে আদালতে। দেশ কঁপাই যোৱা অভি–নীলৰ নৰকীয় হত্যাকাণ্ডত জড়িত ৪৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল। বৰ্তমান আটাইকেইজন অভিযুক্ত কাৰাগাৰত বন্দী কৰি ৰখা হৈছে৷

উল্লেখ্য যে, ২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত এদল অন্ধবিশ্বাসী লোকৰ নৃশংসতাৰ বলি হৈছিল গুৱাহাটীৰ যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথ। 

সোপাধৰাৰ সন্দেহত মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল যুৱক দুজনক। কাৰ্বি আংলঙৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ গৈ মৃত্যুক সাবটি লৈছিল অভিজিৎ আৰু নীলোৎপলে। 

এই জঘন্য ঘটনাই কঁপাই গৈছিল সমগ্ৰ ৰাজ্য তথা দেশক। ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৪৫ অভিযুক্তক।