পুৰণিগুদামত বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ আধাৰত নৃত্য কৰ্মশালা

ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামত পোন প্ৰথমবাৰৰ বাবে সুপ্ত-প্ৰতিভা জাগ্ৰত কৰি এখন সফল মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যৰে ২০১৫ চনৰ ৪ জানুৱাৰীত প্ৰতিষ্ঠা হোৱা অংগাভিনয় অসমে ১৭ জুন অৰ্থ্যাৎ জ‍্যোতি প্ৰসাদ আগৰৱালা দেৱৰ জন্ম জয়ন্তী অনুষ্ঠানৰ দিনাৰপৰা তিনিদিনীয়াকৈ বিনামূলীয়া কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ গীতৰ আধাৰত নৃত‍্য কৰ্মশালা আয়োজন কৰিছিল। 

এই নৃত‍্য কৰ্মশালাত ৪৫ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই উপলক্ষে অংগাভিনয় অসমে বিষ্ণু প্ৰসাদ ৰাভাৰ দিৱসটি উদযাপন কৰাৰ লগতে তিনিদিনীয়া কাৰ্যসূচীৰে অংগাভিনয় অসমে আয়োজন কৰা নৃত‍্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি অনুষ্ঠিত কৰে। পুৰণিগুদামৰ গণ্যমান্য ব‍্যক্তি সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানটো পুৰণিগুদামৰ বিশিষ্ট সমাজসেৱক চন্দন বৰকাকতী দেৱে বন্তি প্ৰজ্বলন কৰি উদ্ধোধন কৰে। 

ইয়াৰ  পাছতেই মৃণ্ময় প্ৰাণ বৰাৰ ৰাভা সংগীত পৰিবেশন, তাৰপাছত প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা ৰাভা দেৱৰ গীতৰ আধাৰত নৃত‍্য পৰিৱেশন কৰা হয়। উল্লেখ্য যে, উক্ত নৃত‍্য কৰ্মশালাত প্ৰশিক্ষন প্ৰদান কৰিছিল "অংগাভিনয় অসম"ৰ মুখ‍্য সঞ্চালিকা বনশ্ৰী শৰ্মা কলিতাৰ লগতে বন্দনা কৌশিক, গীতা মণি বৰুৱা, প্ৰজ্ঞানিকা বৰা ত্ৰিদিশা কলিতা আৰু নীলাঞ্জনা বৰাই।