নকছাৰি ভেলগুৰি চাহ বাগিচাত এটা ২ মহীয়া নাহৰফুটুকী পোৱালি উদ্ধাৰ

সপোন ৰহমান শইকীয়া, মৰিয়নীঃ শনিবাৰে দিনৰ ভাগত দেবেৰাপাৰ উপ আৰক্ষী থানাৰ অন্তগৰ্ত মঙ্গীয়াল খণ্ড বন বিষয়া কায্যলয় অন্তগৰ্ত ভেলগুৰি চাহ বাগিচাত শ্ৰমিকে বাগানত কাম কৰি থকা সময়ত এটা বাঘৰ পোৱালি বাগিচাৰ মাজত দেখা পাই বন বিভাগৰ লোকক খবৰ দিয়ে৷ 

হোলোঙাপাৰ সংৰক্ষিত গিবন অভয়াৰণ্যৰপৰা খাদ্য সন্ধানত ওলাই অহা এজনী গৰ্ভৱতী বাঘে বাগিচাৰ মাজত পোৱালি জন্ম দিয়ে, যদিও জনাঞ্চলৰ কাষৰীয়া অঞ্চল হোৱাৰ বাবে মানুহ সম্ভেদ পায় মাতৃৰপৰা বিচিন্ন হৈ যায় বুলি বন বিভাগৰ লোকে জানিবলৈ দিয়ে৷

বন কৰ্মীয়ে জানিবলৈ দিয়া মতে বাঘ পোৱালিটো আনুমানিক ২ মহীয়া বাঘৰ পোৱালি হ’ব বুলি সন্দেহ কৰিছে৷ বন বিভাগৰ লোকে বাঘৰ পোৱালিটোক উদ্ধাৰ কৰি  মৰিয়নীৰ পহু চিকিৎসালয়ত প্ৰথমিক চিকিৎসা প্ৰদান কৰি উৰ্দ্ধতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি পুনৰ গিবনত মুকলি কৰি দিয়ে৷