সলনি হ'ল কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ দিন

ডিফু/বোকাজানঃ সলনি হ'ল কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ দ্বাদশ পৰিষদীয় নিৰ্বাচনৰ দিন। উল্লেখ্য যে আগন্তক কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ দ্বাদশ পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নিৰ্বাচনী আয়োগে ১২ জুনৰ দিন ধাৰ্য কৰিছিল ৷

পৰৱৰ্তী সময়ত জিলা প্ৰশাসনেও যুদ্ধকালীন গতিৰে প্ৰস্ততি চলাই আছিল যদিও আজি ৰাজ্যিক নিৰ্বাচনী আয়োগে হঠাৎ সলনি কৰে নিৰ্বাচনৰ দিন।

ৰাজনৈতিক দলসমূহৰ লগত এক বৈঠকত মিলিত হৈ জিলাখনত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ পৰ্যাপ্ত নিৰাপত্তাৰক্ষীৰ অভাৱ অনুভব কৰিয়েই দিন সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

পৰ্যাপ্ত নিৰাপত্তাৰক্ষী অবিহনে জিলাখনত নিৰ্বাচন অনুষ্ঠিত কৰাত যথেষ্ট জটিলতাই দেখা দিয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই দিন সলনি কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৰাজ্যিক নিৰ্বাচনী আয়োগে। 

নতুন সিদ্ধান্ত অনুযায়ী ৰাজ্যিক নিৰ্বাচনী আয়োগে অধিসূচনা নং এছ-ই-চি-৫৩/২০১৬/পিটি/৬০ নম্বৰ যোগে অহা ১৭ জুনত নিৰ্বাচন, ২০ জুনত প্ৰয়োজন সাপেক্ষে নিৰ্বাচন আৰু ২২ জুনত ভোট গণনাৰ দিন ধাৰ্য কৰে৷