পশ্চিম নগাঁও শাখা জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সাধাৰন সভা সম্পন্ন

ৰাহুল দেৱ, জাজৰিঃ বৰ্তমান বিশ্বৰ পৰিৱৰ্তীত পৰিস্থিতিত জ্যেষ্ঠ নাগৰিক সকলৰ সমস্যা অতি চিন্তনীয়। আমি আত্ম-মৰ্যদাৰে জীয়াই থাকিবই লাগিব। যাৰ বাবে জ্যেষ্ঠ নাগৰিক সকল একত্রিত হৈ থকাৰ প্ৰয়োজন আহি পৰিছে। এই মন্তব্য অসম জেষ্ঠ নাগৰিক সন্মিলনৰ নগাঁও জিলাৰ সভাপতি প্ৰেমেশ্বৰ দাসৰ। 

দেওবাৰে পশ্চিম নগাঁও শাখা জেষ্ঠ নাগৰিক সন্মিলনৰ কাকমাৰি চৰকাৰী বুনীয়াদি বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এখন সাধাৰণ সভাত ভাষণ ৰাখি প্ৰাক্তন শিক্ষা বিষয়া দাসে আৰু কয় "অভিজ্ঞতাই মানুহক পুৰঠ কৰে। বৰ্তমান সমাজখন ভাল কৰিবলৈ হ’লে জ্যেষ্ঠ নাগৰিক সকলৰ গধুৰ দায়িত্ব আছে।" 

শাখাটোৰ সভাপতি যোগেশ্বৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনীৰ সাধাৰণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মহেন্দ্ৰ মহন্তই। সভাত নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক হেমুধৰ হাজৰিকা, জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈয়ে ভাষন ৰখাৰ লগতে বিশিষ্ট নাগৰিক শিৱৰাম বৰদলৈ, ঘনকান্ত ডেকা, খৰ্গেশ্বৰী বৰা, অমিয়াবালা কাকতি, প্ৰদীপ মহন্তকে ধৰি প্ৰায় শতাধিক জেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। সভাৰ আৰম্ভণিতে এটি সমবেত সংগীত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰে।