সুস্থিৰ হোৱা নাই দেশৰ অৰ্থনীতি! ৰেপো ৰেট সলনি নকৰাৰ সিদ্ধান্ত RBIৰ

নতুন দিল্লীঃ এতিয়াও মন্দাৱস্থাৰ সন্মুখীন হৈয়ে আছে দেশৰ অৰ্থনীতি। ক্ৰমাগতভাৱে দ্বিতীয়খন বৈঠকত 'ৰেপো ৰেট’ সলনি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহস্পতিবাৰে এই কথা সদৰী কৰিছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই। চলিত বিত্তীয় বৰ্ষৰ অন্তিমখন মুদ্ৰা নীতিৰ বৈঠকত কেন্দ্ৰীয় বেংকটোৱে পূৰ্বৰ ৫.১৫ শতাংশ হিচাপতে অপৰিৱৰ্তিত ৰাখে ৰেপো ৰেট।

ৰিজাৰ্ভ বেংকে মুদ্ৰা নীতিৰ বৈঠকৰ সিদ্ধান্তসমূহ ঘোষণা কৰি কৈছে যে যেতিয়ালৈকে সম্ভৱ হৈ থাকে তেতিয়ালৈকে উদাৰীকৰণৰ পথেৰে অগ্ৰসৰ হোৱাৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হৈছে। একেদৰে জিডিপি বৃদ্ধিৰ হাৰো ২০১৯-২০ বিত্তীয় বৰ্ষৰ অন্তত ৫ শতাংশ হৈ থাকিব বুলিও অনুমান ব্যক্ত কৰিছে বেংকটোৱে। অৱশ্যে ২০২০-২১ বিত্তীয় বৰ্ষত সামান্য উন্নতিৰে সেয়া ৬ শতাংশ হোৱাৰো আশা প্ৰকাশ কৰা হৈছে।

'আৰ্থিক দিশটো এতিয়াও অপৰিৱৰ্তিত আৰু মন্দা হৈয়ে আছে। যিকেইটা ক্ষেত্ৰত পৰিৱৰ্তনৰ আশা কৰা হৈছে তাতো এতিয়ালৈ পৰ্যাপ্ত গতি পৰিলক্ষিত হোৱা নাই। বিকাশৰ বৃদ্ধিৰ হাৰৰ বিপৰীতে মুদ্ৰাস্ফীতিৰ বৃদ্ধিৰ ক্ষিপ্ৰতালৈ চাই মুদ্ৰা নীতি সমিতিয়ে ধাৰণা কৰিছে যে স্থিতিৰ সালসলনি নকৰাটোৱেই বুদ্ধিমানৰ কাম হ’ব।’-দেশৰ অৰ্থনীতি এতিয়াও সুস্থিৰ নহয় বুলি উল্লেখ কৰি বৈঠকৰ অন্তত এইদৰে কয় ৰিজাৰ্ভ বেংকে।

মুদ্ৰা নীতিৰ বৈঠকৰ অন্তত বেংকটোৱে অনাগত দিনটো মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি অব্যাহত থাকিব পাৰে বুলি আশংকা ব্যক্ত কৰে। বেংকটোৰ মতে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত মুদ্ৰাস্ফীতিৰ সঠিক ভৱিষ্যতবাণী কৰাটো খুবেই কঠিন হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিততে মুদ্ৰা নীতি সমিতিৰ ৬ সদস্যৰ আটাইকেইগৰাকীয়েই ৰেপো ৰেট অপৰিৱৰ্তিত ৰখাৰ পক্ষে ৰায় দিয়ে। 

উল্লেখ্য যে ২০১৯ চনৰ ফেব্ৰুৱাৰী আৰু অক্টোবৰ মাজৰ সময়ছোৱাত ৰেপো ৰেট ১.৩৫ শতাংশ হ্ৰাস কৰা হৈছিল। অক্টোবৰৰ পিছত সেয়া অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইবাৰ ৰেপো ৰেটৰ সালসলনি কৰা হ’ব পাৰে বুলি অৰ্থনৈতিক মহলত চৰ্চা দেখা গৈছিল যদিও মুদ্ৰা নীতিৰ বৈঠকে সেয়া একেই ৰাখে। ইয়াৰ লগতে ২০১৯-২০ বিত্তীয় বৰ্ষৰ জিডিপি বৃদ্ধিৰ হাৰৰ অনুমান ১ শতাংশতকৈ অধিক হ্ৰাস কৰি ৫ শতাংশ কৰে। ইয়াৰ পূৰ্বে অক্টোবৰত অনুষ্ঠিত মুদ্ৰা নীতিৰ বৈঠকত ২০১৯-২০ বিত্তীয় বৰ্ষৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.১ শতাংশ হ’ব বুলি অনুমান কৰিছিল কেন্দ্ৰীয় বেংকটোৱে।