সুখবৰ! কৰ'না ভাইৰাছত আক্ৰান্ত নহয় যোৰহাটৰ পুলিবৰৰ শিশুটি

যোৰহাটঃ নিশাটোৰ উদ্বিগ্নতাৰ অন্তত পুৱাই অসমবাসীয়ে পালে সুখবৰ। দ্বিতীয়টো নমুনা পৰীক্ষাত লাহোৱালৰ আইএমচিআৰত যোৰহাট মেডিকেল কলেজ হাস্পতালত কৰ’না ভাইৰাছ ধৰা পৰাৰ সন্দেহ কৰা পুলিবৰৰ শিশুটিৰ দেহত নিগেটিভ পোৱা হৈছে। স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে এই তথ্য।

উল্লেখ্য যে যোৰহাট জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা এটা বাৰ্তাত বিহাৰৰ পৰা ৰেলত মাতৃ-ভগ্নীৰ সৈতে অসমলৈ অহা শিশুটিৰ দেহত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ গৱেষণাগাৰত কৰা পৰীক্ষাত কৰ’না ভাইৰাছ ধৰা পৰা বুলি কোৱা হৈছিল। অৱশ্যে মহাবিদ্যালয় হাস্পতালখনৰ পৰীক্ষাগাৰত কৰ’না ভাইৰাছৰ পৰীক্ষা কৰিব পৰা পৰ্যাপ্ত সুবিধা নথকা বাবে নমুনা দ্বিতীয় পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল লাহোৱালৰ আইএমচিআৰলৈ।

নিশা প্ৰায় ৪ বজাত লাহোৱালৰ আইএমচিআৰত কৰা টেষ্টৰ ৰিপ’ৰ্টত নিগেটিভ অহাৰ পিছতে স্বস্তিৰ নিশ্বাস এৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষৰ লগতে ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা সমগ্ৰ ৰাজ্যবাসীয়ে। ইফালে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰ’না ভাইৰাছ পৰীক্ষাৰ পৰ্যাপ্ত সুবিধা নথকাকৈয়ে চিকিৎসা মহাবিদ্যালয়খনত কৰ’না ভাইৰাছৰ টেষ্ট কৰিবলৈ দিয়া হোৱাক লৈ আৰু সেই পৰীক্ষাৰ ফলাফল জিলাখনৰ উচ্চস্তৰীয় সূত্ৰই সংবাদ মাধ্যমক অৱগত কৰোৱাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া।

স্বাস্থ্য বিভাগ তথা চৰকাৰ-প্ৰশাসনৰ ভিতৰচ’ৰাতো কালি নিশা যোৰহাট মেডিকেল কলেজত কৰ’না ধৰা পৰা বুলি উচ্চস্তৰীয়া সূত্ৰটোৱে সংবাদ মাধ্যমক অৱগত কৰোৱা বিষয়টোক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰ্যাপ্ত সা-সুবিধা নথকাকৈয়ে কিয় কৰ’না ভাইৰাছৰ টেষ্ট কৰিবলৈ দিয়া হৈছিল বুলিও এতিয়া ভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে, কৰ’না ভাইৰাছৰ টেষ্টক লৈ সমগ্ৰ উজনি অসমতে দেখা গৈছে একা শংকাপূৰ্ণ পৰিৱেশ। কিয়নো চৰকাৰী এই হেমাহিৰ বাবে এতিয়া চৰকাৰকো আস্থাত ল’ব পৰা নাই সাধাৰণ জনতাই। নিগেটিভ ধৰা পৰিলেও কোনো কাৰণত সঁচাকৈয়ে কৰ’না থাকিব পাৰে বুলি ভাবি লৈ এতিয়াও শংকিত হৈ আছে পুলিবৰৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ওচৰ-পাজৰৰ লোকসকল। 

'আমি চৰকাৰক কেনেকৈ বিশ্বাসত ল’ব পাৰো? যদি যোৰহাটত সুবিধা নাছিলেই টেষ্টৰ তেন্তে পৰীক্ষা কৰিবলৈ দিছিল কিয়। পৰীক্ষা কৰিবলৈ দিছে ঠিকেই আছে কিন্তু সেয়া মিডিয়াক জনোৱা হৈছিল কিয়? এইবোৰ দায়িত্বহীন কাণ্ড। এতিয়া আমি ভাবিবলৈ বাধ্য হৈছো যে কিজানি লাহোৱালৰ টেষ্টটোৱেই ভুল! মুঠৰ ওপৰত আমি শংকিত হৈ আছো।’-এইদৰে কয় যোৰহাটৰ কেবাগৰাকী ব্যক্তিয়ে।