বেডমিণ্টনত সিন্ধুৰ ব্ৰঞ্জঃ,৪১ বছৰ পিছত পুৰুষ হকীত ভাৰত ছেমিফাইনেলত

পি ভি সিন্ধুৰ ব্ৰঞ্জ পদক অৰ্জন দুটাকৈ অলিম্পিক পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হোৱাৰ গৌৰৱ অৰ্জন সুদীৰ্ঘ ৪১ বছৰ পিছত পুৰুষ হকীত ভাৰত ছেমিফাইনেলত

টকিঅ’:টকিঅ’ অলিম্পিকত বেডমিণ্টনত পদক প্ৰত্যাশী ভাৰতীয় তাৰকা পি ভি সিন্ধুৱে ব্ৰঞ্জৰ পদক লাভ কৰে৷আজি অনুস্থিত ব্ৰঞ্জৰ পদকৰ এখন খেলত সিন্ধুৱে চীনৰ হি বিং জিয়াওক পোনপটীয়া ২১-১৩ আৰু ২১-১৫ চেটত পৰাস্ত কৰে৷এয়া হ’ল টকিঅ’ অলিম্পিকত ভাৰতৰ বাবে দ্বিতীয় পদক৷গোটেই খেলখনত সিন্ধুৰ হাতত ধাৰাশায়ী হয় চীনা খেলুৱৈগৰাকী৷ইয়াৰ লগে লগে দুটাকৈ অলিম্পিক পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা হোৱাৰ গৌৰৱ অৰ্জন কৰে৷ইয়াৰ পূৰ্বে তেওঁ ২০১৬ চনত ৰিঅ’ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছিল৷দ্বিতীয় পদকৰ বাবে ভাৰতে দীৰ্ঘদিনৰ অপেক্ষা কৰিব লগা হ’ল৷মনকৰিবলগীয়া যে ভাৰতৰ হৈ টকিঅ’ অলিম্পিকত পদক লাভ কৰা দুয়োগৰাকী হ’ল মহিলা৷ আনহাতে বক্সিংত অসম কন্যা লাভলিনাৰো পদক এটি নিশ্চিত হৈ আছে৷

পুৰুষ হকীত উজ্জ্বীৱিত প্ৰদৰ্শন ডাঙি ধৰি সুন্দৰ খেলেৰে প্ৰতিপক্ষ গ্ৰেট বৃটেইনক ৩-১ গ’লত পৰাজিত কৰি সুদীৰ্ঘ ৪১ বছৰৰ পিছত ছেমিফাইনেলত প্ৰৱেশ কৰে৷ভাৰতৰ হৈ দীলপ্ৰীত,গুৰজন্ত আৰু হাৰ্ডিকে গ’ল দিয়ে৷ইয়াৰ পূৰ্বে ১৯৮০ চনৰ মস্কো অলিম্পিকত অন্তিম বাৰৰ বাবে ভাৰতে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ লগতে সোণৰ পদক লাভ কৰিছিল বেলজিয়ামৰ বিৰুদ্ধে ভাৰতে ছেমিফাইনেলত বিশ্ব চেম্পিয়ন খেলিব৷