
শ্ৰীনগৰঃ জম্মু-কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। উক্ত ঘটনাৰ বাবে বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে চৰকাৰৰ নিৰাপত্তাৰ সুৰুঙাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
ইয়াৰ মাজতে জম্মু-কাশ্মীৰ চৰকাৰে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰে সমগ্ৰ কাশ্মীৰ উপত্যকাৰ ৮৭ টা স্বীকৃতিপ্ৰাপ্ত পৰ্যটনস্থলীৰ ভিতৰত ৪৮ টা পৰ্যটনস্থলী সাময়িকভাৱে বন্ধ কৰি দিছে। জনপ্ৰিয় পৰ্যটনস্থলীসমূহৰ প্ৰতি সম্ভাব্য ভাবুকি আৰু চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি এই পৰ্যটনস্থলীসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখ্য যে পেহেলগাম ঘটনাৰ লগত পাকিস্তান চৰকাৰ জড়িত নহয় বুলি দাবী জনোৱাৰ লগতে ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে পাকিস্তান চৰকাৰে। তথাপি এই আক্ৰমণৰ লগত জড়িত ৰেজিষ্টেন্স ফ্ৰণ্টৰ সৈতে পাকিস্তান চৰকাৰৰ সম্পৰ্ক আছে বুলি দাবী কৰিছে ভাৰতৰ চোৰাংচোৱাই।
জানিব পৰা মতে, পেহেলগাম ঘটনাৰ পিছতেই ভাৰত চৰকাৰে জম্মু-কাশ্মীৰৰ সকলো স্থানতে নিৰাপত্তা বৃদ্ধি কৰিছে। জনপ্ৰিয় পৰ্যটনস্থলী আৰু ইয়াৰ আশে-পাশে অতিৰিক্ত টহল, চেক পইণ্ট আদিৰ ব্যৱস্থা কৰা হৈছে। অসংখ্য সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছে। ইফালে, যোৱা কেইবছৰমানত জম্মু-কাশ্মীৰত উত্থান ঘটা পৰ্যটন উদ্যোগসমূহ বন্ধ হৈ পৰাৰ ফলত স্থানীয় লোক আৰু ব্যৱসায়ীসকলৰ জীৱন-জীৱিকালৈ সংকট নামি আহিছে।
পৰ্যটনৰ ওপৰত নিৰ্ভৰ কৰা হোটেল, ৰেস্তোৰাঁ, ট্যুৰ অপাৰেটৰ আদি যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। বসন্ত আৰু গ্ৰীষ্মকালত সমগ্ৰ জম্মু-কাশ্মীৰলৈ অগণন পৰ্যটকৰ সোঁত বয় যদিও পেহেলগাম ঘটনাৰ পিছত জম্মু-কাশ্মীৰলৈ যোৱা পৰ্যটকৰ সংখ্যা অভাৱনীয়ভাবে হ্ৰাস পাইছে। একপ্ৰকাৰ নীৰৱতাই বিৰাজ কৰিছে পৰ্যটনস্থলীসমূহত।
বৰ্তমান বন্ধ কৰি দিয়া পৰ্যটনস্থলীসমূহ পুনৰ কেতিয়া মুকলি কৰা হ’ব সেই সম্পৰ্কে প্ৰশাসনে কোনো নিৰ্দিষ্ট সময়সীমা উল্লেখ কৰা নাই। তথাপি নিৰাপত্তা সম্পৰ্কে চোৰাংচোৱা আৰু তদন্তকাৰীয়ে দাখিল কৰা প্ৰতিবেদনৰ পিছত এই পৰ্যটনস্থলীসমূহ পুনৰ মুকলি কৰাৰ বিষয়টো আলোচনা হ’ব বুলি আশ্বাস দিয়া হৈছে। ইয়াৰ মাজতে কৰ্তৃপক্ষই স্থানীয় লোক আৰু পৰ্যটকসকলক সতৰ্ক হ’বলৈ আহ্বান জনাইছে যাতে নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিব পাৰি।