
নতুন দিল্লীঃ ভাৰত আৰু পাকিস্তানৰ মাজত আমেৰিকাৰ মধ্যস্থতাত সম্পন্ন হোৱা যুদ্ধবিৰতিৰ পাছত আজি দিল্লীত এক যৌথ সংবাদমেল অনুষ্ঠিত কৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনি শাখা ক্ৰমে ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই। সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হোৱা এই সংবাদমেলত উপস্থিত থাকি অপাৰেশ্যন সিন্দূৰ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰে সেনাৰ ডিজিএমঅ’, লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই, বায়ুসেনাৰ এয়াৰ মাৰ্শ্বাল এ কে ভাৰতী আৰু নৌসেনাৰ ভাইচ এডমিৰেল এ এন প্ৰমোদে। সংবাদমেলত লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে কয় যে যোৱা ৭ মে’ৰ কাহিলি পুৱা পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়।আইচি-৮১৪ হাইজেকিং আৰু পুলৱামা আক্ৰমণৰ দৰে কাণ্ডত জড়িত আছিফ আজহাৰ, আব্দুল মালিক ৰৌফ আৰু মুদাছিৰ আহমেদৰ দৰে সন্ত্ৰাসবাদী নিহত হয় এই আক্ৰমণত। তেওঁ কয় যে অপাৰেশ্যন সিন্দূৰৰ লক্ষ্য আছিল সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰা।
ইফালে, ৭ মে’ৰ পৰা ১০ মে’ৰ ভিতৰত সীমান্ত গোলাবৰ্ষণত ৩৫-৪০জন পাকিস্তানী জোৱান নিহত হোৱাৰ বিষয়েও জানিবলৈ দিয়ে ৰাজীৱ ঘাইয়ে। অৱশ্যে এই সময়ছোৱাত ভাৰতৰ ৫ গৰাকী বীৰ জোৱানো শ্বহীদ হয়। সংবাদমেলত এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে জনোৱা মতে, ৮-৯ মে’ৰ নিশা পাকিস্তানে জম্মু, উধামপুৰ, পাঠানকোট, অমৃতসৰ, ভাটিণ্ডা, ডালহাউছি আৰু জয়ছালমেৰত থকা ভাৰতীয় বিমান ঘাটিলৈ ড্ৰ’ন আৰু যুদ্ধ বিমান প্ৰেৰণ কৰে। ভাৰতীয় বায়ুসেনাৰ এছ-৪০০ আৰু পেচোৰাকে ধৰি প্ৰতিৰক্ষা ব্যৱস্থাই এই আক্ৰমণ বিফল কৰে। ভাৰতীয় বায়ু সেনাই কেইবাখনো পাকিস্তানী বিমানো ধ্বংস কৰিবলৈ সক্ষম হয় যদিও সঠিক সংখ্যা প্ৰকাশৰ পৰা বিৰত থাকে ভাৰতী। অন্যহাতে, ভাইচ এডমিৰেল এ এন প্ৰমোদে কয় যে ভাৰতীয় নৌসেনাই এই অভিযানত অস্ত্ৰ-শস্ত্ৰ যোগান আৰু সমুদ্ৰ আৰু স্থল ক্ষেত্ৰত সহায় আগবঢ়াইছে।
তেওঁ কয় যে নৌসেনা যিকোনো লক্ষ্যত আক্ৰমণ কৰিবলৈ সাজু। লক্ষ্যণীয়ভাৱে, ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত ভাৰত আৰু পাকিস্তানে যুদ্ধবিৰতিৰ সহমতত উপনীত হয় যদিও এই চুক্তি সম্পন্ন হোৱাৰ মাত্ৰ কেইমুহূৰ্ত পিছতে পুনৰ সীমান্তত গোলাবৰ্ষণ আৰম্ভ কৰে পাক সেনাই। এনে পৰিপ্ৰেক্ষিতত দেওবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু তিনিওজন সেৱা প্ৰধানৰ সৈতে এক বৈঠকত মিলিত হয়। চৰকাৰী সূত্ৰ অনুসৰি পাকিস্তানৰ সৈতে যোগাযোগ এতিয়া কেৱল ডিজিএমঅ’ পৰ্যায়তহে হ’ব। লেফটেনেণ্ট জেনেৰেল ঘাইয়ে কয় যে শনিবাৰে বিয়লি ৩.৩৫ বজাত পাকিস্তানৰ ডিজিএমঅ’ই তেওঁৰ সৈতে যোগাযোগ কৰি ১০ মে’ৰ সন্ধিয়া ৫ বজাৰ পৰা যুদ্ধবিৰতিৰ প্ৰস্তাৱ আগবঢ়াইছিল। অহা ১২ মে’ৰ দিনৰ ১২ বজাত দুয়োখন দেশৰ ডিজিএমঅ’ৰ মাজত পুনৰ আলোচনা হ’ব। ইফালে, পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ পিছত সিন্ধু জল চুক্তি পুনৰ মুকলি হ’ব নেকি সেই সন্দৰ্ভত আৰম্ভ হোৱা জল্পনা-কল্পনাৰ মাজতে আজি চৰকাৰী সূত্ৰই সদৰী কৰা মতে, এই চুক্তিখন সদ্যহতে স্থগিত হৈয়ে থাকিব।