
গান্ধীনগৰঃ আজি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকী। এই বিশেষ দিনটোত শীৰ্ষ নেতাসকলৰ লগতে সামাজিক মাধ্যমত নেহৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। কিন্তু তাৰ পিছতে গুজৰাটত জনসভা সম্বোধন কৰি স্বভাৱসুলভ আচৰণেৰেই দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিল মোদী।
পুৱা এক্স হেণ্ডেলত চমুকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত জনসভাৰ পৰা নেহৰুৰ নীতিগত সিদ্ধান্তক লৈ কটাক্ষ বাণ এৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে যে ভাৰতৰ স্বাৰ্থ বিবেচনা কৰি সিন্ধু জল চুক্তি অতি ভুলকৈ কাৰ্যকৰী কৰা হৈছিল। লগতে তেওঁ অভিযোগ কৰে যে ১৯৪৭ চনত কাশ্মীৰত প্ৰৱেশ কৰা মুজাহিদীনসকলক যদি তাৎক্ষণিকভাৱে নিৰ্মূল কৰা হ’লহেঁতেন তেন্তে বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন।
মন কৰিবলগীয়া যে বিশ্ব বেংকৰ মধ্যস্থতাত ১৯৫০ চনৰ ১৯ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল। সেই সন্ধি অনুসৰি সিন্ধু নদীৰ পূবৰ তিনিখন উপনৈ— ব্যাস, শতদ্ৰু আৰু ইৰাৱতী ভাৰতৰ নিয়ন্ত্ৰণত আছে। আনহাতে, সিন্ধু নদীৰ জলসীমা আৰু ইয়াৰ দুই উপনৈ বিতস্তা আৰু চন্দ্ৰভাগাৰ ওপৰত পাকিস্তানৰ অধিকাৰ আছে।
এই চুক্তিখন তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত স্বাক্ষৰিত হৈছিল। যদিও মোদীয়ে এই চুক্তিক “ভুল” বুলি অভিহিত কৰিছে, তথাপি সেয়া কেনেধৰণৰ ভুল আছিল সেই সন্দৰ্ভত তেওঁ উল্লেখ নকৰিলে।
ইফালে, শেহতীয়া ভাৰত-পাকিস্তান সংঘাত সন্দৰ্ভত গান্ধীনগৰত অনুষ্ঠিত এক সমাৱেশত ভাষণ দি মোদীয়ে কয় যে ‘অপাৰেচন সেন্দূৰ’-এ মাত্ৰ ২২ মিনিটতে পাকিস্তানৰ ৯ টা সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰি পেলাইছে। বিৰোধীক কটাক্ষ কৰি তেওঁ দাবী কৰে যে এই অভিযান কেমেৰাৰ সন্মুখত কৰা হৈছে যাতে কোনেও ঘটনাৰ সত্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে।
তাৰ পিছত নেহৰুৰ নাম নোলোৱাকৈয়ে মোদীয়ে কয় যে স্বাধীনতাৰ পিছত যদি চৰ্দাৰ বল্লভ ভাই পেটেলৰ কথা শুনা গ’লহেঁতেন তেন্তে পাকিস্তানে দখল কৰা কাশ্মীৰৰ সন্ত্ৰাসবাদীক আগতেই নিৰ্মূল কৰিব পৰা গ’লহেঁতেন আৰু আজি পি অ’ কে ভাৰতৰ অংগ হ’লহেঁতেন। ফলত দশক দশক ধৰি চলি থকা বৰ্তমানৰ পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন।