যুঁজাৰু বিমান ভূপতিত! আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিস্ফোৰক স্বীকাৰোক্তি চিডিএছ চৌহানৰ

ছিংগাপুৰঃ পাকিস্তানৰ বিৰুদ্ধে সামৰিক সংঘৰ্ষত ভাৰতীয় বায়ু সেনাৰ 'প্ৰাথমিক ক্ষতি’ৰ কথা স্বীকাৰ ভাৰতৰ প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল অনিল চৌহানৰ। ভাৰত-পাকিস্তানৰ সংঘাতৰ পিছত ভাৰতীয় সেনাৰ ক্ষয়-ক্ষতিক প্ৰশ্ন উত্থাপন কৰি আহিছিল বিৰোধীয়ে। কিন্তু ভাৰত চৰকাৰ অথবা সেনাই এই সন্দৰ্ভত দীৰ্ঘসময় ধৰি মৌনতা অৱলম্বন কৰি আহিছিল যদিও অৱশেষত পৰোক্ষভাৱে হ’লেও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে চিডিএছ চৌহানে। কিন্তু পাকিস্তানে চাৰিখন ৰাফেলসহ মুঠ ৬ খন ভাৰতীয় বিমান ভূপতিত কৰা বুলি কৰা দাবীক স্পষ্টভাৱে খণ্ডন কৰে জেনেৰেল চৌহানে। 

ছিংগাপুৰত অনুষ্ঠিত শ্বাংগ্ৰী-লা ডাইলগৰ আঁৰত ব্লুমবাৰ্গ টিভিৰ সৈতে হোৱা এক বিস্ফোৰক সাক্ষাৎকাৰত তেওঁ এই মন্তব্য কৰে। জেনেৰেল চৌহানে কয় যে যুঁজাৰু বিমানবোৰ ভূপতিত কৰাটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিয় ভূপতিত হৈছিল আৰু কি ভুল হ’ল সেয়াহে গুৰুত্বপূৰ্ণ। তেওঁ কয় যে ভাল কথাটো হ’ল আমি আমাৰ কৌশলগত ভুলবোৰ উপলব্ধি কৰিলোঁ, সেইবোৰ শুধৰাই ল’লো আৰু দুদিনৰ পাছত আমি সেই কৌশল পুনৰ ব্যৱহাৰ কৰিলোঁ আৰু আমাৰ সকলো জেট বিমান উৰুৱাই দীৰ্ঘ দূৰত্বৰ লক্ষ্যত আক্ৰমণ কৰিলোঁ। 

লক্ষ্যণীয়ভাৱে অপাৰেশ্যন সেন্দূৰৰ পাছত ভাৰতৰ সামৰিক লোকচানক লৈ ঘৰুৱা-আন্তঃৰাষ্ট্ৰীয় দুয়োটা দিশতে তীব্ৰ ৰাজনৈতিক হেঁচাৰ সৃষ্টি হোৱাৰ সময়তে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে চিডিএছ জেনেৰেল চৌহানে৷ আনহাতে, ২৮ মে’ বুধবাৰে আজাৰবাইজানৰ লাচিন চহৰত আজাৰবাইজানৰ স্বাধীনতা দিৱস উপলক্ষে এক অনুষ্ঠানত ভাষণ দি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দাবী কৰে যে যুদ্ধৰ প্ৰথম দিনাই পাক বায়ুসেনাই চাৰিখন ৰাফেলকে ধৰি ছখন ভাৰতীয় জেট বিমান ভূপতিত কৰিবলৈ সক্ষম হয়। 

কিন্তু চাৰিদিনীয়া সংঘাতৰ সময়ত আৰু তাৰ পিছত ভাৰতীয় বিদেশ সচিব বিক্ৰম মিশ্ৰী আৰু এয়াৰ অপাৰেচনৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বাল এ কে ভাৰতীয়ে যুদ্ধ বিমানৰ ক্ষয়-ক্ষতিৰ খবৰ ৰাজহুৱাভাৱে অস্বীকাৰ কৰাৰ পৰা বিৰত থাকে। সেই সময়ত তেওঁলোকে যুক্তি দিয়ে যে দুয়োখন দেশ এতিয়াও যুদ্ধৰ অৱস্থাত আছে, গতিকে বিতং তথ্য প্ৰকাশ কৰাটো সম্ভৱ নহয়। 

লক্ষণীয়ভাৱে, ৰাজনৈতিক মহলত এই বিতৰ্ক আৰম্ভণিৰে পৰাই উত্তপ্ত হৈ পৰিছিল। এই সামৰিক অভিযানৰ সময়ত ক্ষয়-ক্ষতিৰ বিষয়ে চৰকাৰক বাৰে বাৰে প্ৰশ্ন কৰি আহিছিল কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীসহ বহু বিৰোধীয়ে। কিন্তু সেই সময়ত ভাৰত চৰকাৰ আৰু শাসকীয় বিজেপিয়ে ৰাহুলৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা আঁতৰি থকা পৰিলক্ষিত হয়। 

এনে প্ৰশ্নৰ বাবে ৰাহুল গান্ধীক 'পাকিস্তানৰ পক্ষ লোৱা’ আৰু দেশৰ নিৰাপত্তা আৰু সশস্ত্ৰ বাহিনীৰ মনোবল হ্ৰাস কৰা বুলিও তীব্ৰ সমালোচনা কৰে ভাৰতীয় জনতা পাৰ্টিয়ে। এতিয়া আন্তঃৰাষ্ট্ৰীয় মঞ্চত চিডিএছ চৌহানে বায়ুসেনাৰ লোকচান প্ৰত্যক্ষভাৱে স্বীকাৰ কৰা কাৰ্যই ৰাজনৈতিক মহলত এক নতুন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দীৰ্ঘদিন ধৰি বিৰোধীৰ প্ৰশ্নৰ সন্মুখত চৰকাৰে বিতং তথ্য দিবলৈ অনিচ্ছুক হৈ থকাৰ সময়তে চিডিএছৰ এই বক্তব্যই বিৰোধীক এক নতুন অস্ত্ৰ প্ৰদান কৰিছে। 

ক্ষতিৰ সবিশেষ, কিয় ক্ষতি হৈছে, ইয়াৰ বাবে কোন দায়ী সেই সন্দৰ্ভত চৰকাৰৰ পৰা সম্পূৰ্ণ স্বচ্ছতা আৰু জবাবদিহিতাৰ দাবী এতিয়া তীব্ৰতৰ কৰাৰ আশা কৰা হৈছে। সামৰিক মুৰব্বীগৰাকীৰ এই স্পষ্টবাদীতাই এফালে সামৰিক বাহিনীৰ ভুলৰ পৰা শিকিবলৈ ইচ্ছাক উজ্জ্বল কৰি তুলিছে যদিও আনফালে চৰকাৰৰ বাবে ৰাজনৈতিকভাৱে স্পৰ্শকাতৰ এক অধ্যায় পুনৰ মুকলি কৰি দিছে, যিয়ে অনাগত দিনত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু সামৰিক স্বচ্ছতাৰ ওপৰত ৰাজনৈতিক বিতৰ্কৰ গতিপথত বহু পৰিমাণে প্ৰভাৱ পেলাব।