ডিফুত নাৰ্ছ দেখিলেই স্কুললৈ দৌৰি আহে অভিভাৱক

ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজি পুৱাৰে পৰা বেজীক লৈ উৰাবাতৰি বিয়পি পৰাৰ লগে লগে আতংকগ্ৰস্ত হৈ পৰে অভিভাৱকসকল৷

জানিব পৰা মতে, জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত জাপানীজ এনকেফেলাইটিছৰ নামত বেজী প্ৰদান কৰাৰ ফলত হাওৰাঘাট খণ্ড স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ ডকমকাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী মৃত্যু বৰণ কৰা আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰা বুলি গুজৱ ওলায়।

এনে গুজৱৰ পিছতে অভিভাৱকসকলে ততাতৈয়াকৈ বিদ্যালয়লৈ আহি নিজ নিজ সন্তানক ঘৰলৈ আনিবলৈ হেতা-উপৰা লগায়৷ ফলত ডিফুৰ ৰাজপথত অস্বাভাৱিক যান-জঁট আৰু ভিৰ পৰিলক্ষিত হয়৷

ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্তত বেজী আতংকৰ প্ৰকৃত ৰহস্য উন্মোচিত হয়৷ আৰক্ষীৰ সুত্ৰে জানিব পৰা মতে আজি পুৱা ৯-৪০ মান বজাত ৰাষ্ট্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মিছনৰ অধীনস্থ ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অভিযানৰ অংশ হিচাপে মাঞ্জা খণ্ড স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ পৰা বৈধ মাইক্ৰ প্লান ফৰমেটৰ নথি লৈ বিদ্যালয়ৰ প্ৰধান শিক্ষকক আগতীয়াকৈ অৱগত কৰি এটা দল উপস্থিত হৈছিল।

এই দলটোত আছিল আয়ুৰ্বেদিক চিকিৎসক জ্যোতি বৰ্মন, ফাৰ্মাচিষ্ট নজৰুল ইছলাম, নাৰ্ছ অনিতা সিংহ আৰু চালক প্ৰেম সিঙ। তেওঁলোকে ডিফুৰ ৰেংবংহম এল পি স্কুলত প্ৰৱেশ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ আৰু বি এম আইৰ বাবে উচ্চতা আৰু ওজন ৰেকৰ্ড কৰিবলৈ লওতেই তাত পূৰ্বৰে পৰা ৰৈ থকা ১০-১২ জনীয়া অভিভাৱকৰ দলে ছাত্ৰ-ছাত্ৰীক বেজী দিব নোৱাৰে বুলি কৈ বাধা প্ৰদান কৰে।

এই কথাই সৰ্বত্ৰে বিয়পি পৰাৰ লগে লগে লগে হুৱা- দুৱা লাগে৷ জানিব পৰা মতে আৰ বি এছ কে দলটোৱে বেজী বা প্ৰতিষেধক প্ৰদান নকৰে৷ তেওঁলোকে কেৱল শিশুৰ স্বাস্থ্য পৰীক্ষা কৰি অসুস্থ বুলি প্ৰমাণিত হ'লে স্বাস্থ্য কেন্দ্ৰলৈ যাবলৈ পৰামৰ্শ আগবঢ়ায়৷ আনহাতে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে তদন্তৰ অন্তত এক প্ৰেছ বিবৃতিযোগে জানিবলৈ দিয়ে যে ভেকচিনেশ্যনৰ বাতৰি মিছা আৰু ভিত্তিহীন৷

ডকমকা আৰু কোনো ঠাইত ভেকছিনেশ্যনৰ বাবে কোনো ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হোৱা নাই। আনকি জিলা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰতিষেধক বেজী প্ৰদান কাৰ্যসূচীৰ কোনো নিৰ্দেশনা দিয়া হোৱা  নাই বুলিও স্পষ্ট কৰি দিয়ে। এনে উৰাবাতৰিত ৰাইজক বিভ্ৰান্ত নহ'বলৈকো আহ্বান জনায় স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে।