
বাঘবৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ মথাউৰিসমূহৰ নিৰ্মাণ তথা মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছিল যদিও বৰপেটা জিলাৰ সৰ্ববৃহৎ বাঘবৰ-বহৰি সংযোগী মথাউৰি মেৰামতিৰ কাম কাৰ্যতঃ নহ’ল। ফলত বাঘবৰ, বৰপেটা আৰু চেঙা সমষ্টিৰ ৰক্ষাকবচস্বৰূপ জিলাখনৰে বৃহৎ মথাউৰিটো ব্ৰহ্মপুত্ৰৰ কবলত পৰিছে ।
বহু ঠাইত নৈ ক্ৰমান্বয়ে কাষ চাপি আহি মথাউৰিটো ভাঙি পেলোৱাৰ উপক্ৰম ঘটিছে। কালৰূপী ব্ৰহ্মপুত্ৰই পূৰ্বে ভাঙি পেলোৱা ঠাইত নতুনকৈ নিৰ্মাণ কৰিছে যদিও তাৰ অৱস্থাও সম্প্ৰতি জৰাজীৰ্ণ। এই মথাউৰিৰ দুয়ো কাষে বাস কৰিছে গৰাখহনীয়াই সৰ্বহাৰা কৰা হাজাৰ হাজাৰ পৰিয়ালে ।
তাৎপৰ্যপূৰ্ণ যে সমষ্টিসমূহত পৰ্যাপ্ত বাট-পথ নথকাত বছৰৰ পিছত বছৰ ধৰি খৰালি অথবা বাৰিষাৰ সময়তো চৰ চাপৰিৰ শ শ গাঁৱৰ ৰাইজে যাতায়ত অব্যাহত ৰাখিছে । বৃহত্তৰ গাওঁসহ বিভিন্ন পঞ্চায়ত ক্ৰমে বাঘবৰ , ৰামাপাৰা , সোণাবাড়ী , উজিৰৰ চৰ , কদমতলা , ধৰ্মপুৰ , বাঘমাৰা , আলোপতি মাজৰ চৰ , চাছৰা , মাণিকপুৰ , দিঘীৰপাম , বামুন দংৰা , ৰহমপুৰ , গৰেমাৰী হাবি , কেধৰি শ শ গাঁৱৰ ৰাইজে নিতৌ ভগ্ন মাথাউৰিৰে বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিছে।
কিন্তু মথাউৰি মেৰামতিৰ লগতে কাষ চাপি অহা ব্ৰহ্মপুত্ৰ নৈৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে আগন্তুক বানৰ সময়তে ছিঙা যোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। ফলত শ শ গাঁৱৰ ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে জনপ্ৰতিনিধি , জিলা প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে ।
শীঘ্ৰেই মাথাউৰি মেৰামতিৰ লগতে নদী প্ৰতিৰোধ ব্যৱস্থা কৰি গাওঁসমূহৰ ৰাইজৰ জীৱন-সম্পত্তি ৰক্ষা কৰিবলৈ বিভিন্ন দল-সংগঠন তথা ৰাইজে পৰিৱৰ্তনকামী চৰকাৰৰ ওচৰত দাবী জনাইছে ।