ৰঙিয়াৰ ন’ভা একাডেমীত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

ৰঙিয়াঃ ৰঙিয়া তুলসীবাৰীস্থিত ন’ভা একাডেমীত আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সম্বৰ্ধনা অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ১১গৰাকী ৰঙিয়া অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷

অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী কেইজনক নগদ পাঁচ হেজাৰ টকা, ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰৰ লগতে একোখনকৈ অভিধান প্ৰদান কৰা হয়। 

উল্লেখ্য যে ৰঙিয়াৰ কেইজনমান যুৱকৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত ৰঙিয়া অঞ্চলৰ বহুকেইজন সচেতন ব্যক্তি তথা প্ৰতিষ্ঠানে আৰ্থিক সহযোগিতা আগবঢ়ায়।

দিন হাজিৰা কৰা পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰী কেইগৰাকীক এনেদৰে সহায় কৰাত সকলোৱে প্ৰশংসা কৰে। ৰঙিয়া প্ৰেছ ক্লাবৰ সদস্য তথা প্ৰতিদিন কাকতৰ ৰঙিয়াৰ সংবাদাতা মুস্তাফা কামাল আহমেদে পৰিচালনা কৰা অনুষ্ঠানটোত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।