ৰামদেৱৰ বিৰুদ্ধে জামিনবিহীন গোচৰ

ডিজিটেল ডেস্কঃ ভাৰত মাতা কি জয় বুলি ক’বলৈ দ্বিধাবোধ কৰাসকলক লৈ অত্যুক্তি কৰাৰ পিছতে বিপদত পৰিল ৰামদেৱ। ৰোহটকৰ এখন আদালতে ৰামদেৱৰ অসামাজিক মন্তব্যৰ বাবে জামিনবিহীন গোচৰ ৰুজু কৰিছে।

ভাৰতত আইনে অনুমতি দিয়া হ’লে ভাৰত মাতা কী জয় নোকোৱাসকলক এফালৰপৰা শিৰচ্ছেদ কৰি গ’লোহেঁতেন বুলি বিগত বৰ্ষৰ এপ্ৰিল মাহত মন্তব্য কৰিছিল যোগ গুৰু বাবা ৰামদেৱে। 

তাৰ পিছতেই বুধবাৰে আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল আদালতে। কিন্তু ৰামদেৱ অনুপস্থিত থকাৰ বাবে আদালত অৱমাননাৰ অপৰাধত জামিনবিহীন গোচৰ ৰুজু কৰা হৈছে যোগ গুৰুজনৰ বিৰুদ্ধে। পৰৱৰ্তী শুনানি ৩ আগষ্টত বুলি আদালতে ঠিৰাং কৰিছে।