নাঁৱত উঠিবলৈ গৈ শিশুৰ কৰুণ মৃত্যু

কামপুৰঃ ভৰা নৈত নাঁৱত উঠি কৰুণ মৃত্যুক সাৱতিলে এটি কণমানিয়ে। এই ঘটনা নগাঁও জিলাৰ কামপুৰৰ।

প্ৰাপ্ত বাতৰি মতে, অঞ্চলটোৰ জৰাবাৰী চেঙাজানত শুকুৰবাৰে পৰিয়ালৰ অসাৱধানতাৰ বাবে ঘৰৰ পৰা ওলাই যায় মোবাৰক আলী নামৰ ৬ বছৰীয়া শিশুটি। ঘৰৰ পৰা ওলাই গৈ নাঁৱত উঠিবলৈ বুলি শিশুটি বৰপানী নৈৰ কাষ পায়।

ইফালে বহু সময় ধৰি শিশুটিক বিচাৰি নাপায় হুৱা-দুৱা লাগে পৰিয়ালটোত। সকলোৱে মোবাৰকৰ সন্ধানত অঞ্চলটোৰ চৌদিশে বিচাৰ-খোছাৰ আৰম্ভ কৰে।

এনেদৰে বিচাৰ-খোছাৰ অব্যাহত থকাৰ মাজতে, স্থানীয় ৰাইজে নৈৰ পাৰত মোবাৰক আলী নামৰ শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে।

পিছত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে। নাঁৱত উঠিবলৈ গৈ এনেদৰে শিশুটি মৃত্যুমুখত পৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।