শিক্ষাৰ্থীৰ বিলৈ, শ্ৰেণীকোঠা এৰি পালে ৰাজপথ

চাবুৱাঃ প্ৰতিবাদ নকৰিলে যেন এইখন অসমত একো নাপায়৷ বিভিন্ন দল-সংগঠনে চৰকাৰৰ গণ বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাতো ৰাজ্যখনত তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে। 

ইয়াৰ মাজতে দল-সংগঠনৰ পৰিৱৰ্তে এইবাৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ল ধুমুহাত ক্ষতিগ্ৰস্থ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।বাৰিষাৰ আৰম্ভণিতে ধুমুহাত ক্ষতিগ্ৰস্ত হৈছিল ৰাজ্যখনৰ বহু বিদ্যালয়ৰ গৃহ৷ কোনো কোনো বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ টিন উৰুৱাই নিয়াৰ লগতে বহু বিদ্যালয় গৃহত বাগৰি পৰিছিল প্ৰকাণ্ড গছ৷

কিন্তু ধুমুহাত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহৰ গৃহ আজিলৈ মেৰামতি কৰা নহ'ল৷ যাৰ বাবে চাবুৱাত শ্ৰেণী কোঠা এৰি ঘাইপথ অৱৰোধ কৰিবলৈ বাধ্য হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকল।

শুকুৰবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা অাঞ্চলিক সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীয়ে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এক উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে।

প্ৰতিবাদকাৰী  ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীক চোকা ভাষাৰে সমালোচনা কৰাৰ লগতে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰএছএছ আৰু পুজিপতিৰ স্বাৰ্থত কাম কৰি শিক্ষা বিভাগক ধ্বংসৰ পৰিকল্পনা ৰচিছে বুলি অভিযোগ তোলে ছাত্ৰ সংগঠনটোৱে।

আনহাতে চাবুৱাৰ ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধেও বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে৷