কানাছৰ ঘটনাক দূৰ্ভাগ্যজনক আখ্যা হোৱাইট হাউছৰ

কানাছঃ কানাছৰ ঘটনাক নিন্দা হোৱাইট হাউছৰ৷ চহৰখনৰ বাৰ এখনত ২৬ ফ্ৰেব্ৰুৱাৰীত ভাৰতীয় অভিযন্তা শ্ৰীনিৱাস কুছিভোটলাৰ হত্যাকাণ্ডক দূৰ্ভাগ্যজনক আখ্যা দিছে হোৱাইট হাউছে৷

হোৱাইট হাউছৰ প্ৰেছ সচিব ছিন স্পাইছাৰে এক সংবাদ মেলত কানাছৰ বিদ্বেষজনিত হত্যাকাণ্ডক গৰিহণা দি সচিবজনে কয় যে ধৰ্ম আৰু জাতিগত হিংসাৰ বাবে আমেৰিকাত স্থান নাই৷ আমেৰিকাত সকলোৱে নিৰ্ভয়ে যিকোনো ব্যাক্তিয়ে নিজ ধৰ্ম মানি চলিব পাৰে বুলিও তেওঁ উল্লেখ কৰে৷ 

ইফালে আমেৰিকাস্থিত ভাৰতীয় দূতাবাসে বিষয়টোৰ ওপৰত দ্ৰুত অনুসন্ধানৰ বাবে মাৰ্কিন ৰাজ্যিক বিভাগক এখন ৰাজনৈতিক স্মাৰক প্ৰেৰণ কৰিছে। 

উল্লখ্য যে সোমবাৰে হিলাৰী ক্লিণ্টনে ৰাষ্ট্ৰপতি ট্ৰাম্পক বিষয়টোৰ ওপৰত মন্তব্য প্ৰদান কৰাৰ বাবে টুইটাৰযোগে তীৰ্য্যক মন্তব্য কৰিছিল।