'হংসিনী'ৰ ৱেবছাইটত পাব অসমীয়া সাজ-পাৰ

গুৱাহাটীঃ হংসিনী ফেশ্যন বেণ্ডৰ এটি ৱেৱছাইট আজি গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয়৷ www.hansinionline.com ৱেৱছাইটটো মুকলি কৰে প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে৷

অসমীয়া পৰম্পৰাগত সাজ পোছাকৰ লগতে অন্যান্য ভাৰতীয় অাৰু পশ্চিমীয়া শৈলীৰে সাজি উলিওৱা বস্ত্ৰ উক্ত ৱেৱছাইটটোৰ জৰিয়তে অনলাইনযোগে গ্ৰাহকে ক্ৰয় কৰিব পাৰিব।

ৱেবছাইটটো মুকলি কৰি প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণে বিশ্ব দৰবাৰত অসমৰ পৰম্পৰাগত সাজ-পোছাকে সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, অংকুৰজ্যোতি ভূঞা আৰু শান্তাশ্ৰী মল্লিক ভূঞাৰ ‘হংসিনী’ নামৰ ফেশ্যন বেণ্ডটোৱে ইতিমধ্যে গুৱাহাটীত দুখনকৈ বুটিক চলাই আহিছে৷

২০১৩ বৰ্ষত খ্ৰীষ্টানবস্তীত ‘হংসিনীৰ’ প্ৰথমটো বুটিক মুকলি কৰাৰ পিছত জু-ৰোড তিনিআলিত দ্বিতীয়খন বুটিক মুকলি কৰা হয়৷ বিগত বৰ্ষকেইটাত কেৱল মাত্ৰ অসম, ভাৰততে নহয় ’হংসিনী'য়ে বিদেশতো প্ৰশংসিত হ'বলৈ ,মৰ্থ হৈছে বুলি জনায় স্বত্বাধিকাৰীদ্বয়ে।

গ্ৰাহকৰ সুবিধাৰ বাবে ৱেবছাইটো মুকলি কৰি শান্তাশ্ৰী মল্লিক ভূঞাই সুখী আৰু উৎসাহী অনুভৱ কৰিছে বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে৷