হাৰ্ভাৰ্ডতকৈ হাৰ্ডৱৰ্ক ভাল, অমৰ্ত্যক কটাক্ষ মোদীৰ

উত্তৰপ্ৰদেশঃ অৰ্থনীতিবিদকো কটাক্ষ কৰিবলৈ নেৰিলে মোডীয়ে। উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ কুচ-কাৱাজৰ মাজতে অৰ্থনীতিবিদৰ ওপৰতো কৌতুক কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কথা কোৱা এচাম লোকৰ বিপৰীতে দেশত দুখীয়া কৃষকৰ ল’ৰাই অধ্যৱসায়েৰে অৰ্থনীতিক আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰি আওপকীয়াকৈ অৰ্থনীতিবিদ অমৰ্ত্য সেনকে বিদ্ৰুপ কৰে মোদীয়ে।

হাৰ্ভাৰ্ডতকৈ হাৰ্ডৱৰ্ক অধিক শক্তিশালী বুলি মন্তব্য কৰি হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অৰ্থনীতি আৰু দৰ্শন বিভাগৰ অধ্যাপক তথা ন’বেল বঁটা বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনক উদ্দেশ্যপ্ৰণোদিতভাৱেই কটাক্ষ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখ্য যে কেন্দ্ৰ চৰকাৰৰ বিমূদ্ৰাকৰণৰ নীতিক সমালোচনা কৰি সেনে কৈছিল যে এয়া এক স্বৈৰাছাৰী পদক্ষেপ যিয়ে বিশ্বাসৰ ভেঁটিত গঢ়ি উঠা ভাৰতীয় অৰ্থনীতিৰ শিপাত আঘাত কৰিছে। ইয়াৰে পোটক তুলিলে মোদীয়ে নিৰ্বাচনী প্ৰচাৰত। 

উল্লেখ্য যে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ সাতটা পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পাঁচটা ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু দুটা বাকী আছে। এই দুটা পৰ্য্যায়ত 'বনাচ’ হিচাপে জনসাধাৰণে বিজেপি দলটোকে ভোট দিব বুলি আত্মপ্ৰত্যয় জাহিৰ কৰে মোদীয়ে।