বিপদ সীমাৰ ওপৰেৰে লুইত, মহানগৰীত বন্ধ ফেৰী সেৱা

পাঞ্জাবাৰীঃ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি আহিছে বৰ লুইতৰ বুকু। বিপদ সীমা চেৰাই যোৱাৰ ফলতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰি আজি অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ চলাচল কৰা নৌকা আৰু ফেৰী সেৱা অনিৰ্দিষ্টকাললৈ বন্ধৰ ঘোষণা কৰে।

চৰকাৰে এনে পৰিস্থিতিত প্ৰতিবাৰেই কেৱল ফেৰী সেৱা বন্ধৰ ঘোষণা কৰিয়েই দ্বায়িত্ব সামৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখ্য যে প্ৰতিদিনেই গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত হাজাৰ হাজাৰ যাত্ৰীয়ে ফেৰীৰে বিপদসংকূলভাৱে আহ-যাহ কৰি আহিছে। তৎসত্বেও চৰকাৰে যাত্ৰীৰ সুবিধাৰ্থে অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখনো বাছ সেৱা মুকলি কৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী ৰাইজে।  

ইয়াৰোপৰি ৰাজ্যত অনাগত দিনত নেৰানেপেৰাকৈ বৰষুণ হৈ থাকিলে  ব্ৰহ্মপুত্ৰৰ পানীয়ে মহানগৰীৰ ফাছী বজাৰ, ভৰলু, মাছখোৱাকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল প্লাৱিত কৰাৰ আশংকাই দেখা দিছে। এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব।