কৃষকৰ বাবে সহজ কিস্তিত চৰকাৰৰ টেক্টৰ

গুৱাহাটীঃ অসম সমবায় এপেক্স বেংকে কৃষকৰ কঢ়িযাই আনিছে সু খবৰ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গ্ৰাম্য উন্নয়ন যোজনা অাচঁনিলৈ সহাঁৰি জনাই বেংকটোৱে অসমৰ কৃষকক কম সুতত সাধাৰণ নথি পত্ৰৰে দিব ট্ৰেক্টৰ৷ 

এপেক্স বেংকৰ উপাধ্যক্ষ বিশ্বজিৎ ফুকনে বেংকটোৰ পানবজাৰ শাখাত সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি কৃষকক সকলৰ বাবে লোৱা আঁচনিৰ কথা ঘোষণা কৰে৷ অাঁচনিৰ অধীনত প্ৰত্যেকখন গাঁৱৰ প্ৰতিটো কৃষক গোটে ৯.৫ সূতৰ হাৰত অাৰু সাধাৰণ নথি-পত্ৰৰ ট্ৰেক্টৰ ক্ৰয়ৰ বাবে ঋণ লব পাৰিব বুলি ফুকনে সংবাদমেলত উল্লেখ কৰে। 

চৰকাৰে ট্ৰেক্টৰৰ মুল্যৰ ৭০ শতাংশ অাৰু বেংক কৰ্তৃপক্ষই ২০ শতাংশ ৫.৫ লাখলৈ সীমিত ৰাজসাহাৰ্য্য প্ৰদান কৰিব৷ কৃষকসকলে মাত্ৰ ১০ শতাংশ ধন অাদায়ৰ জৰিয়তে এই অাঁচনিৰ জৰিয়তে ট্ৰেক্টৰ লাভ কৰিব। 

চৰকাৰৰ নিৰ্ধাৰিত সময় অনুসৰি ১৫ জুলাইৰ ভিতৰত যিসকলে এপেক্স বেংকত একাউন্ট খুলিব তেওঁলোকেহে এই অাচঁনিৰ সুবিধা পাব বুলি কয়। ৮-১০ জনীয়া প্ৰতিখন গাঁৱৰ প্ৰতিটো গোটেই এই অাঁচনিৰ বাবে জিলা জিলা পৰ্যায়ৰ কৃষক গোট তথা ডি এল চিৰ দ্বাৰা নিৰ্বাচিত হ’ব লাগিব বুলি উল্লেখ কৰে। 

৬ বছৰৰ বাবে দিবলগীয়া এই ঋণৰ অধীনত কৃষকে নিজৰ পচন্দ অনুযায়ী টেক্টৰ ক্ৰয় কৰিব পাৰিব। বেংকৰ এই প্ৰচেষ্টাই মুখ্যমন্ত্ৰী গ্ৰাম্য যোজনা অাঁচনিখন অধিক সফল কৰি তুলিব বুলি অাজি সংবাদ মেল যোগে উপাধ্যক্ষ বিশ্বজি্ৎ ফুকনে কয়৷