কালামৰ স্মৃতিত অসমৰ সাংসদৰ পৃষ্ঠপোষকতাত বিজ্ঞান সংগ্ৰাহলয়

ডিজিটেল ডেস্কঃ মিছাইল মানৱ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ স্মৃতিত প্ৰথমটো আটকধুনীয়া আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু মহাকাশ সংগ্ৰাহলয় তামিলনাদুত সাজি উলিওৱা হয়৷

ৰাজ্যখনৰ পুনালালৰ দেলভিউ প্ৰাংগণত প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ স্মৃতিত নিৰ্মাণ কৰাএই আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু মহাকাশ সংগ্ৰাহলয়টো বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাজ্যসভাৰ সাংসদ তথা ৰাজ্যৰ প্ৰাক্তন উদ্যোগ আৰু বাণিজ্যিক মন্ত্ৰী ভুৱনেশ্বৰ কলিতাৰ উপস্থিতিত ভাৰতীয় বিজ্ঞান আৰু গৱেষনা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ ড০ কে ৰাধা কৃষ্ণনে উদ্বোধন কৰে।

সংগ্ৰাহলয়টোৰ পৃষ্ঠপোষক ভূৱনেশ্বৰ কলিতাই সভাপতিত্ব কৰা উদ্বোধনী অনুষ্ঠাটোত উপস্থিত থাকে কেৰেলা বিধান সভাৰ উপাধ্যক্ষা ভি শচি, ভি এচ এচ চিৰ অধ্যক্ষ কে চিভানৰ লগতে আৰু তামিলনাডু চৰকাৰৰ বহু কেইজন উচ্চ পদস্থ বিষয়া উপস্থিত থাকে৷

সংগ্ৰাহলয়টো উদ্বোধন কৰি ভি এচ এচ চিৰ অধ্যক্ষ কে চিভানে বিজ্ঞান মানৱগৰাকীৰ নামৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু মহাকাশ সংগ্ৰাহলয়টোৱে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব বুলি কয়৷