সংকটত নীতিশ-লালুৰ মহাগতবন্ধন, সুখী বিজেপি

ডিজিটেল ডেস্কঃ নিশ্চিত ভাঙোনৰ দিশে অগ্ৰসৰ হৈছে নীতিশ কুমাৰৰ মহাগতবন্ধন। বিহাৰৰ শাসকীয় পক্ষৰ মিত্ৰজোঁটৰ পতন এতিয়া কাৰ্যতঃ অনিবাৰ্য হৈ পৰিছে। 

কিছুদিন পূৰ্বে দুৰ্নীতিৰ অভিযোগত চি বি আয়ে মহাজোঁটৰ অংশীদাৰ দল জে ডি ইউৰ নেতা তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ ঘৰত তালাচী চলোৱাৰ পিছত সৃষ্টি হৈছে অচলাৱস্থাৰ।

তথ্য অনুসৰি লালুপ্ৰসাদৰ বৰপুত্ৰ তেজস্বীয়ে দুৰ্নীতিমুক্ত নোহোৱালৈ পদত্যাগ কৰাটো বিচাৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। পিছে ইস্তফা নিদিও বুলি অঁকৰা মৈত উঠিছে তেজস্বী। তদুপৰি তেওঁক সমৰ্থন কৰিছে পিতৃ লালুৱে। পিছে নিজৰ স্থিতিত আঁকোৰগোজ নীতিশ।

সম্প্ৰতি নীতিশৰ সৈতে যে সম্পৰ্কৰ অৱনতি ঘটিছে সেয়া প্ৰমাণ কৰি আজি এখন চৰকাৰী সভাতো অংশ গ্ৰহণ নকৰিলে তেজস্বীয়ে। বিশ্ব যুৱ কৌশল দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণৰ সিদ্ধান্ত লৈয়ো তেওঁ সভা বৰ্জন কৰিলে। তেজস্বীৰ অনুপস্থিতি মিত্ৰজোঁটৰ ভাঙোনৰ চিন হিচাপে চৰ্চিত হৈছে।