চালকৰ অনুজ্ঞাপত্ৰঃ গুৱাহাটীত শতকৰা ৬৪ জনৰেই অসৎ উপায়

ডিজিটেল ডেস্কঃ ভাৰতত চালকৰ অনুজ্ঞাপত্ৰ থকা দহজনৰ ভিতৰত ছয়জনেই গাড়ী চলোৱাৰ কোনোধৰণৰ পৰীক্ষা নিদিয়াকৈয়ে অনুজ্ঞাপত্ৰ লাভ কৰে। দেশৰ দহখন চহৰত কৰা এক সমীক্ষাত প্ৰকাশ পাইছে এই বিস্ফোৰক তথা চিন্তনীয় তথ্য। 

এই সমীক্ষাত আটাইতকৈ বেছি বাহন থকা পাঁচখন চহৰো অন্তৰ্ভুক্ত কৰা হৈছে। গুৱাহাটীত শতকৰা ৬৪ জনেই কোনো পৰীক্ষা নিদিয়াকৈ লাভ কৰে অনুজ্ঞাপত্ৰ।

আগ্ৰাত কেৱল ১২ শতাংশ চালকেহে সৎ উপায়েৰে অনুজ্ঞাপত্ৰ লাভ কৰাৰ বিপৰীতে ৮৮ শতাংশই স্বীকাৰ কৰে যে তেওঁলোকে ড্ৰাইভিং চিটত নবহাকৈয়ে অনুজ্ঞাপত্ৰ লাভ কৰিছে। জয়পুৰতে একেই দশা। ৭২ শতাংশই এনেদৰেই পাইছে অননুজ্ঞাপত্ৰ। 

যান-বাহন আইনখনৰ সংশোধনীক লৈ ৰাজ্যসভাত আলোচনা হোৱাৰ প্ৰাকমূহুৰ্তত পথ সুৰক্ষা সজাগতা গোট চেভলাইফ ফাউণ্ডেশ্যনে কৰা এই সমীক্ষাৰ ফলাফল তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

উল্লেখ্য যে সংশোধনীত অনুজ্ঞাপত্ৰৰ বাবে চালকৰ পৰীক্ষাৰ নিৰ্ণয় তথ্য-প্ৰযুক্তিভিত্তিক কৰা আৰু একাধিক বা ভুৱা অনুজ্ঞাপত্ৰ থকা লোকক কঠোৰতম জৰিমনা বিহাৰ ওপৰত দফা সংযোজন কৰা হৈছে।