আজমেৰ বিস্ফোৰণ, আৰএছএছৰ নেতাক ক্লিন শ্বীট

জয়পুৰঃ আজমেৰ বিস্ফোৰণ সন্দৰ্ভত আজি জয়পুৰৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিশেষ আদালতে শুনানি জাৰী কৰে। এই শুনানিমতে ৩ জন ব্যক্তিক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ৫ জনক নিৰ্দোষী বুলি ৰায়দান কৰে। আদালতে আৰএছএছৰ নেতা ইন্দ্ৰেশ কুমাৰ আৰু প্ৰাক্তন আৰএছএছ নেতা স্বামী অসীমানন্দক নিৰ্দোষী বুলি ৰায়দান কৰে। দোষীৰ তালিকাত নাম আছে ভৱেশ পেটেল, দেৱেন্দ্ৰ গুপ্তা আৰু সুনীল জোশী। উল্লেখ্য যে সুনীল জোশীৰ ইতিমধ্যে মৃত্যু ঘটিছে। 

২০০২ বৰ্ষৰ অমৰনাথ যাত্ৰী আৰু ৰঘুনাথ মন্দিৰত হোৱা আক্ৰমণৰ প্ৰতিশোধৰ উদ্দেশ্যেই এই কূটাঘাট সংঘটিত হৈছিল।

আজমেৰ শ্বৰীফ দৰগাহত ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে ২০০৭ চনত হোৱা বিস্ফোৰণত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক আহত হৈছিল। তাৰ পিছতে কেন্দ্ৰীয় চোৰাংচোৱা বিভাগে মূঠ বাৰজন লোকক অভিযুক্ত কৰিছিল।