'ট্ৰাম্প গাঁৱ’ৰপৰা আঁতৰালে নামফলক, হতাশ গঞা

ডিজিটেল ডেস্কঃ ভাৰত-আমেৰিকাৰ মাজত বন্ধুত্বৰ সম্পৰ্কৰ চিন স্বৰূপে সলনি কৰা হৈছিল এখন গাঁৱৰ নাম। হাৰিয়ানাৰ মেৱাত জিলাৰ মাৰোৰা নামৰ গাওঁখনৰ নামটো ট্ৰাম্প গাওঁ কৰা হৈছিল এসপ্তাহমান পূৰ্বে। 

নামটোৰ লগত উন্নয়ন সাঙোৰ খাই পৰিব বুলিয়ে আনন্দ-উল্লাসেৰে ১৪০ ঘৰ পৰিয়ালে আদৰি লৈছিল এই পদক্ষেপ। ট্ৰাম্পৰ ফটোসম্বলিত নাম ফলকো লগোৱা হৈছিল গাঁওখনত। 

কিন্তু হঠাত প্ৰশাসনৰ লোকে জিলা উপায়ুক্ত মণি ৰাম শৰ্মাৰ নিৰ্দেশত উক্ত ফলকখন আঁতৰ কৰি কয় যে গাঁৱৰ নাম সলনি কৰাৰ নিয়ম অনুযায়ী এয়া কৰা হোৱা নাই হেতুকে নতুন নাম গ্ৰহণ কৰিব পৰা নাযাব। 

কিন্তু নতুন পৰিচয় হেৰুৱাই হতাশ হৈ পৰে গাওঁবাসী। কিয়নো নামটো পৰিৱৰ্তন হ’ল যিহেতু, গাওঁখনৰ অৱস্থাৰো পৰিৱৰ্তন হ’ব বুলি ধৰি লৈছিল গাওঁবাসীয়ে। অন্ততঃ ঘৰে ঘৰে শৌচাগাৰ আহিব বুলি ভাবিছিল গাওঁবাসীয়ে।

উল্লেখ্য যে এইখন গাঁৱকেই ২০১৬ বৰ্ষত মুকলিত শৌচমুক্ত গাওঁ (অপেন ডিফেকেশ্যন ফ্ৰী) বুলি ঘোষণা কৰা হৈছিল। 

উৎসঃ দা ইণ্ডিয়ান এক্সপ্ৰেছ