বিতৰ্কৰ মাজতো উজলিছে জেএনইউ, শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ সন্মান লাভ

দিল্লীঃ বিতৰ্কৰ মাজতো পুনৰ শ্ৰেষ্ঠ জেএনইউ। 'দেশদ্ৰোহীৰ আড্ডা' বুলি প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা বিশ্ববিদ্যালয়খনক দেশৰ শিক্ষা আৰু মানৱ সম্পদ মন্ত্ৰালয়ে ২০১৭ বৰ্ষৰ পৰিদৰ্শকৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় সন্মান আগবঢ়ায়৷

ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ৰাষ্ট্ৰপতি ভৱনত বিশ্ববিদ্যালয়খনৰ উপাৰ্চায্য এম জগদীশ কুমাৰক প্ৰদান কৰে এই পুৰষ্কাৰ৷ বঁটা আগবঢ়াই ৰাষ্ট্ৰপতিয়ে কয় যে শিক্ষাৰ মানদণ্ডৰপৰা শিক্ষকৰ মানদণ্ডলৈ জেএনইউ সদায় অনন্য৷ ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ ভৱিষত্যলৈ এই মান বৰ্তাই ৰাখিবলৈ কৈ শুভেচ্ছা যাঁচে।