বানাক্ৰান্তলৈ এদিনৰ দৰমহা আগবঢ়ালে AEIৰ কৰ্মচাৰীয়ে

ডিজিটেল ৰিপ'ৰ্টঃ ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যাপক-অধ্যাপিকা তথা আন কৰ্মচাৰীসকল।

বানক লৈ উদ্বিগ্ন হৈ পৰা প্ৰতিষ্ঠানখন প্ৰতিগৰাকী কৰ্মচাৰীয়ে অধ্যক্ষৰ আহ্বানলৈ সঁহাৰি জনাই এদিনৰ দৰমহা বানাক্ৰান্তসকলৰ সহায়ৰ বাবে আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।

এই অনুযায়ী যোৱা ২৮ জুলাইত প্ৰতিষ্ঠানখনৰ এটা প্ৰতিনিধিৰ দলে সমূহ কৰ্মচাৰীৰ পৰা এদিনৰ দৰমহা সংগ্ৰহ কৰি পোৱা সমুদায় ধন মুখ্যমন্ত্ৰীৰ বান সাহায্য পুঁজিলৈ আগবঢ়ায়।

প্ৰতিনিধি দলটোৱে আগবঢ়োৱা সৰ্বমুঠ ১ লাখ ৮৩ হাজাৰ ২৬২ টকাৰ চেক গ্ৰহণ কৰি এনে পদক্ষেপৰ বাবে অধ্যক্ষ অক্ষয় চন্দ্ৰ কলিতাৰ লগতে প্ৰতিষ্ঠানখনৰ সমূহ কৰ্মচাৰীৰ শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।