দীঘলীপুখুৰীপাৰ কঁপালে ভেন্সাৰ স্কুলৰ শিক্ষকে

ডিজিটেল ৰিপ'ৰ্টঃ ২০১১ চনৰ পদ প্ৰাদেশিকীকৰণ বিল, আৰু সংশোধনী ২০১২ আৰু ২০১৩ অধীনত যিখিনি পদ প্ৰাদেশিকীকৰণ হৈ গ'ল তাৰ পিছত ৰৈ যোৱা বিশেষকৈ সাত বছৰীয়া যোগ্যতা প্ৰাপ্ত ভেন্সাৰ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণক আজিলৈ কৰা নহ'ল।

১জানুৱাৰী ২০১৩ আৰু ১ আগষ্ট ২০১৪ চনৰ পৰা কাৰ্য্যকৰী হোৱাকৈ বকেয়াসহ দৰমহা প্ৰায় ১৬ শ কোটি টকা আদায় দিবলগীয়া হোৱাত চক্ৰান্তমূলক ভাৱে প্ৰাদেশিকীকৰণ আইন, ২০১১ বাতিল কৰিছিল চৰকাৰে। এই মন্তব্য অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল কুমাৰ হালৈৰ৷

আজি গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰত ভেন্সাৰ স্কুলৰ শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ দাবীত অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদ সাব্যস্ত কৰি হালৈয়ে প্ৰাদেশিকীকৰণ আইন ২০১১ৰ অধীনত ৪১ হাজাৰ পদ প্ৰাদেশিকীকৰণ হ'ল যদিও ৩৫ হাজাৰ শিক্ষক কৰ্মচাৰীক নতুনকৈ পদ প্ৰাদেশিকীকৰণ আইন, ২০১৭ জাপি দি চক্ৰান্তমূলকভাৱে সকলো সা-সুবিধাৰ লগতে বেছি সংখ্যককে চাকৰিৰ পৰাও বঞ্চিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত চক্ৰান্তমূলকভাৱে জাপি দিব বিচৰা পদ প্ৰাদেশিকীকৰণ আইন ২০১৭ নামনে বুলি স্পষ্ট কৰি দিয়ে ঐক্যমঞ্চই। প্ৰতিবাদী শিক্ষক কৰ্মচাৰী সকলে ন’ এপয়েন্টমেন্ট ন’ ৰেষ্ট, ঐক্যমঞ্চৰ দাবী ন্যায্য দাবী, নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক, উই ৱান্ট জাষ্টিজ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

শিক্ষকসকলে আনকি বিভিন্ন প্লে কাৰ্ডো প্ৰদৰ্শন কৰে, য'ত নিজ ল'ৰা-ছোৱালীক এসাজ ভালকৈ খুৱাব, পিন্ধাব নোৱাৰা বুলি আক্ষেপ প্ৰকাশ কৰে। প্ৰতিবাদৰ অন্তত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ সভাপতি কুশল কুমাৰ হালৈ আৰু সম্পাদক ভূৱনেশ্বৰ লহকৰে স্বাক্ষৰ কৰা এখন স্মাৰক পত্ৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে। স্মাৰক পত্ৰত ঐক্যমঞ্চৰ কেইবাটাও সিদ্ধান্ত আৰু দাবীৰ কথা স্পষ্টকৈ উল্লেখ কৰে।

এই দাবীসমূহৰ ভিতৰত আছে, ভেন্সাৰ শিক্ষানুষ্ঠান(সেৱা প্ৰাদেশিকীকৰণ ) আইন ২০১১ আৰু সংশোধনী ২০১২ ৰ অধীনত পুনৰ বাছনিত যোগ্য বিবেচিত শিক্ষক কৰ্মচাৰীৰ দা দৰমহা ১ জানুৱাৰী ২০১৩ পৰা আদায় দিয়াৰ ব্যৱস্থা কৰা৷  ২০১৩ চনৰ সংশোধনী মৰ্মে প্ৰাদেশিকৃত দ্বিতীয় পৰ্যায়ৰ শিক্ষক কৰ্মচাৰীক সমমৰ্যদা প্ৰদান কৰি ১ আগষ্ট ২০১৪ৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰা।

গুণগত শিক্ষাৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত বাধ্যতামূলক কৰি অহা শৈক্ষিক আৰু বৃত্তিগত অৰ্হতাক কাৰ্যকৰী কৰাটো কোনোকালে ঐক্যমঞ্চই বিৰোধিতা কৰা নাই বুলি কৈ সকলোৰে ক্ষেত্রত প্ৰয়োগ হ'ব লাগিব বুলি কয়৷

অৰ্থাৎ ইতিপূর্বে প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত যি শৈক্ষিক আৰু বৃত্তিগত অৰ্হতা প্ৰয়োগ হৈ আহিছে, বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষাদান কৰি অহা আৰু জীৱনৰ শেষ মূহুৰ্তত প্ৰাদেশিকীকৰণৰ মুখ দেখা এইচাম শিক্ষকৰ ক্ষেত্ৰতো একে নীতি প্ৰয়োগ হ'ব লাগিব বুলি সংগঠনটোৱে দাবী কৰে। যিসকলৰ অৰ্হতা নিৰিখ মতে নাই তেওঁলোকক "টিউটৰ" বুলি অভিহিত কৰাটো অযুক্তিকৰ বুলিও ঐক্যমঞ্চই স্পষ্ট কৰি দিয়ে।

শিক্ষকক শিক্ষক বুলি সম্বোধন কৰিলে শিক্ষা ব্যৱস্থা ক্ষতিগ্ৰস্ত নহয় বুলি মন্তব্য কৰি ব্যক্তিগত খণ্ডৰ কেইখনমান বি এড কলেজে লক্ষাধিক টকা মাচুল লৈ বি এড ডিগ্ৰী প্ৰদান কৰি অহা বুলিও ঐক্যমঞ্চই অভিযোগ কৰে। চৰকাৰে বি এড ডিগ্ৰী প্ৰদানৰ বাবে চৰকাৰী ব্যৱস্থা আজিলৈ গ্ৰহণ নকৰাত পেটত গাঁঠি মৰা শিক্ষকে এই ডিগ্ৰী লয় কিদৰে বুলিও ঐক্যমঞ্চই প্ৰশ্ন কৰে শিক্ষামন্ত্ৰীক।

যিদৰে টেট শিক্ষকক কৃষ্ণ কান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত ডি এল এড ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিছে তেনেদৰে ভেন্সাৰ শিক্ষককো দা-দৰমহা প্ৰদান কৰি নিয়মীয়াকৰণ কৰাৰ পিছত ডেপুটেশ্বনত ডি এল এড বা বি এড ডিগ্ৰী প্ৰদান কৰিবলৈ দাবী জনাই ঐক্যমঞ্চই।

আনহাতে দুবছৰীয়া এই পাঠ্যক্ৰম ২৫-৩০ বছৰ শিক্ষকতাৰ অভিজ্ঞতা থকা আৰু সমুখত দুই তিনি বছৰ চাকৰি থকা শিক্ষকক এনে ডিগ্ৰী বা ডিপ্লমাৰ বাবে চৰকাৰী ভাৱে প্ৰেৰণ কৰাটো হাস্যকৰ বুলি উল্লেখ কৰে ঐক্যমঞ্চৰ নেতৃত্বই। বিনা বেতনে শিক্ষাদান কৰি অৱসৰ লোৱা বা মৃত্যু হোৱা শিক্ষক কৰ্মচাৰীৰ পৰিয়ালক সকাহ দিবলৈ চৰকাৰী এককালীন সাহায্য প্ৰদান কৰাৰো দাবী জনাই শিক্ষক সংগঠনটোৱে।

অৱসৰলৈ মাত্ৰ ৪-৫ বছৰ বাকী থকা শিক্ষক কৰ্মচাৰীৰ চাকৰিৰ ম্যাদ কমেও দুবছলৈ বৃদ্ধি কৰাৰো দাবী জনাই ঐক্যমঞ্চই। যদিহে দাবীসমূহ চৰকাৰে মানি নলয় তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলিও হুংকাৰ দিয়ে ঐক্যমঞ্চই।