
জাজৰিঃ নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগে আজি স্বচ্ছ ভাৰত অভিযানৰ অধীনত জাজৰি শংকৰ মন্দিৰৰ ৰাজহুৱা মঞ্চত এখন সজাগতা সভা অনুষ্ঠিত কৰে৷
মুকলিত মলত্যাগ মুক্ত তথা নিৰ্মল পৰিৱেশ সম্পৰ্কত অনুষ্ঠিত সভা মাজ-জাজৰি গাঁও পঞ্চায়তৰ সভানেত্রী মঞ্জু মেধি দাসৰ সভাপতিত্বত অনুষ্ঠিত হয়৷
সভাত ডাঃ আজাহাৰুল হক চৌধাৰী, দিপুমনি বৰা, ইমন কলিতা, ৰাইদঙীয়া পঞ্চায়তৰ সভাপতি শংকৰ দাসকে আদি কৰি ভালেসংখ্যাক লোক উপস্থিত থাকে।
নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা কমল মেধি, স্থানীয় সমাজকৰ্মী থগিত মহন্ত, অনন্ত বৰদলৈ, কাকমাৰী গাঁও পঞ্চায়তৰ সভানেত্রী মামনি দেউৰজা, অঞ্চলিক সদস্যা ৰুণুমনি হীৰাই স্বচ্ছ ভাৰত অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়।