কঠোৰ কেন্দ্ৰ! ১১.৪৪ লাখ PAN কাৰ্ড বাতিল

ডিজিটেল ডেস্কঃ এজন লোকৰ নামত একাধিক PAN। ইতমধ্যে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে চৰকাৰে। এই ব্যৱস্থা অনুযায়ী এতিয়ালৈ ১১.৪৪ লাখ PAN কাৰ্ড বাতিল কৰিছে কেন্দ্ৰই। PANৰ সৈতে ৩১ আগষ্টৰ পূৰ্বে আধাৰ কাৰ্ড লিংক কৰিবলৈকো কঢ়া নিৰ্দেশ জাৰি কৰিছে চৰকাৰে।

ৰাজ্যসভাত লিখিত উত্তৰত আজি এই কথা সদৰী কৰে বিত্ত বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী সন্তোষ কুমাৰ গংগৱাৰে। মন্ত্ৰীগৰাকীয়ে জনাই যে ২৭ জুলাইলৈকে ১১ লাখ ৪৪ হাজাৰ ২১১খন PAN কাৰ্ড বাতিল কৰা হৈছে।

এজন লোকৰ নামত একাধিক কাৰ্ড থকাৰ পৰিপ্ৰেক্ষিততে এনেদৰে বাতিল কৰা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে। এনে PAN নম্বৰসমূহৰ বহুতৰে গৰাকীৰ কোনো অস্তিত্বই নাই বুলিও জনায় মন্ত্ৰীগৰাকীয়ে।

PAN কাৰ্ডেৰে সংঘটিত কৰা দুৰ্নীতি বন্ধ কৰিবলৈকো পদক্ষেপ হাতত লৈছে আয়কৰ বিভাগে। এতিয়ালৈক মুঠ ৮ হাজাৰ ২৩৯ টা ছাৰ্ভেৰ অন্তত ৬ হাজাৰ ৭৪৫ কোটি টকাৰ গুপ্ত সম্পত্তি চিহ্নিত কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে ৰাজ্যসভাত লিখিতভাৱে জনায়।