বনৰীয়া হাতীয়ে ভাঙিলে ৫ টা পৰিয়ালৰ ঘৰ

নাওকাটাঃ ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতৰ জাকৰ পৰা কেতিয়া পৰিত্ৰাণ পাব ভাৰত-ভূটান সীমান্তৱৰ্ত্তী হাজাৰ হাজাৰ লোকে৷ বছৰ বছৰ ধৰি হাতী-মানুহৰ সংঘাতৰ ফলত ধন জনৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছে সীমান্তৱৰ্ত্তী অঞ্চলটোত৷

কেইবা শ লোক হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হোৱাৰ লগতে ঘৰ-দুৱাৰ ভাঙি খেতি পথাৰ তহিলং কৰি বিস্তৰ ক্ষতি সাধন কৰি আহিছে বনৰীয়া হাতীয়ে৷

বাক্সা-ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তত বুধবাৰে নিশা প্ৰায় ১০ বজাত বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বন্যহস্তীৰ এটি বৃহৎ জাকে খৈৰানীৰ পাঁচটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে তচনছ কৰাৰ লগতে তামোল, কল-নাৰিকল, গুৰুত্বপূৰ্ণ আচবাব লণ্ড-ভণ্ড কৰে।

হাতীৰ জাকটোৱে অঞ্চলটোৰ ভোলা পৌড়েলৰ দুটা, সুৰেন কাকতিৰ দুটা, মণিৰাম ডেকাৰ এটা, দীপক তালুকদাৰৰ এটা আৰু নিৰঞ্জন তালুকদাৰৰ দুটা বাসগৃহ ভাঙি পেলায়।

দীৰ্ঘদিন ধৰি সীমান্তৱৰ্তী অঞ্চলটোত বন্যহস্তীৰ আতংক তথা উপদ্ৰৱ বৃদ্ধি পাই আহিছে যদিও বন বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। হাতীৰ জাকে গাঁৱত প্ৰৱেশ কৰাৰ লগে লগে বন বিভাগক খবৰ দিবলৈ মোবাইত ফোন কৰিলেও ফোন নধৰাৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ লোকসকলে।