ৰাহুল গান্ধীৰ নাটকত ক্ষুব্ধ লখিমপুৰৰ বানাক্ৰান্ত

লালুক/শিলচৰঃ কংগ্ৰেছ দল এতিয়া শাসনত নাই৷ মোদী ছুনামিত ধৰাশয়ী হৈ কংগ্ৰেছে এতিয়া শাসনৰ পৰা বহু দূৰৈত৷ কংগ্ৰেছে পুনৰাই পুৰ্বৰ স্থিতি ঘূৰাই অনাৰ বাবে কাম কৰি আহিছে৷ দলটোৱে ছোনিয়া তনয় তথা যুৱৰাজ ৰাহুল গান্ধীক সেনাপতি পাতি সমৰত নামিছে যদিও ৰাহুল গান্ধী ঢাল-তৰোৱালহীন সেনাপতি ৰূপে ৰাজনৈতিক যুদ্ধত নমা দেখা যায়৷

দেশৰ কেইবাটাও সমস্যাক তথা কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সবল স্থিতি লৈ ৰাইজৰ ওচৰ চপাত বিফল হৈ আহিছে নেতাজন৷ বিমুদ্ৰাকৰণ, জি এছ টি, হাইৱে নিৰ্মাণৰ বাবে কৃষকৰ মাটি অধিগ্ৰহণ, গো ৰক্ষা নামত আইন হাতত তুলি লৈ মানুহক হত্যা, কৃষকৰ সমস্যা আদি বিষয়ত ৰাহুল গান্ধীয়ে ৰাইজৰ ওচৰ চাপিব নোৱাৰিলে৷

আনহাতে অসমৰ কংগ্ৰেছীয়ে প্ৰতিদিনে বিদ্যুৎস্পৃষ্ট হৈ মানুহ মৰাৰ লগতে দিন দুপৰতে কোকৰাঝাৰত ছাত্ৰ নেতাক হত্যা কৰাৰ পাছতো প্ৰতিবাদ কৰি ৰাইজৰ ওচৰ চাপিব নোৱাৰিলে৷

লগতে, ৰাজ্যৰ প্ৰায় ২৬ খন জিলা বানৰ কবলত পৰি ককবকাই থকাৰ পাছতো বান সাহায্য দিয়াত সৰ্বা চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে বানাক্ৰান্তই।

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানীয়ে লখিমপুৰ, ধেমাজি, গোৱালপাৰা, নগাঁও, বিশ্বনাথ, যোৰহাট, গোলাঘাট, নলবাৰী, শিৱসাগৰ, মৰিগাঁও, দক্ষিণ শালমাৰা, ধুবুৰী, কৰিমগঞ্জ, মাজুলী, কাছাৰ, চিৰাং, কোকৰাঝাৰ আদি জিলাত ব্যাপক ক্ষতি-সাধন কৰে৷ এই বানত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ২২৪ খন গাঁও৷

বেচৰকাৰী হিচাপত ২৬ লাখ লোক ক্ষতিগ্ৰস্ত হোৱা বুলি দাবী কৰা হৈছে৷ হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ, পেহনীয়া জন্তু, লৰা-ছোৱালীৰ কাপোৰ-কানি, কিতাপ আদি পানীত উটি যায়৷ বানৰ পাছত এতিয়া গৰাখহানীয়াৰ গ্ৰাসত পৰি মূৰে-কপালে হাত দিব লগা হৈছে শ শ লোক৷ কৃষকৰ কেইবা হেক্টৰ কৃষি ভূমি নদীৰ বালিয়ে পুতি পেলোৱাৰ লগতে চহাই ৰখা পথাৰ, গজি ওলোৱা কঠিয়া নষ্ট হৈ পৰিছে৷ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসমৰ ফেচবুক ব্যৱহাৰকাৰীসকলে ফেচবুকুত ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা অব্যাহত ৰাখিছে৷

কিন্তু তাৰ পাছতো প্ৰধান বিৰোধী দল কংগ্ৰেছে ৰাইজৰ ওচৰ চাপিব নোৱাৰিলে৷ ৰাজ্য চৰকাৰখনৰ বিৰুদ্ধে বান সাহায্য দিয়াৰ দাবীত যেনেদৰে কাৰ্যসূচী কৰি অসম উত্তাল কৰিব লাগিছিল তেনেদৰে প্ৰতিবাদ কৰিব নোৱাৰিলে৷ বিৰোধী দলৰ নেতৃত্ব দিয়াত যেন সম্পূৰ্ণ ব্যৰ্থ দলটো৷

তাৰ লগতে শাসকীয় দলৰ কেন্দ্ৰীয় মন্ত্ৰী অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ নহাত ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তাৰো সুবিধা ল'ব নোৱাৰিলে কংগ্ৰেছে৷ ৰাইজ ডুবি থকাৰ সময়ত কোনো এগৰাকী ৰাষ্ট্ৰীয় নেতাই অসমত ভৰি থৈ বানত হাহকাৰ কৰি থকা লোকক এষাৰ মাত নিদিলে৷

নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অসমৰ ৰাইজে ক্ষোভিত হৈ থকাৰ সময়তে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নেতাই অসমত ভৰি থৈ বানত কবলত পৰি সকলো হেৰুওৱা  দুৰ্ভগীয়া লোকসকলৰ ওচৰত থিয় দি সহমৰ্মিতা দেখুৱাব পাৰিলেহেতেন৷ এই সুবিধাও ল'ব নোৱাৰিলে কংগ্ৰেছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে গুৱাহাটীত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত স্ক্ৰীণতে বান পৰিস্থিতিৰ খবৰ লৈ গ'ল যদিও কংগ্ৰেছৰ কোনো এগৰাকী কেন্দ্ৰীয় নেতা অসমলৈ নাহিল৷

তাৰ মাজত কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে আজি লখিমপুৰত বান পৰিস্থিতি চোৱাৰ নাটক ৰচনা কৰাত ৰাইজ ক্ষোভিত হৈ পৰে৷ শিলচৰত প্ৰয়াত কংগ্ৰেছ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ অন্ত্যোষ্টিক্ৰিয়াত অংশ ল'বলৈ আহি ৰাহুলে লখিমপুৰত বান চোৱাৰ নাটক ৰচনা কৰাত ক্ষুব্ধ হৈ পৰে বানাক্ৰান্ত ৰাইজ৷

উল্লেখ্য যে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে আজি দুপৰীয়া লখিমপুৰত উপস্থিত হৈ জিলাখনৰ বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে৷ ৰাহুল গান্ধীয়ে আমতলাৰ জৈনপুৰ আৰু বগলীজানত উপস্থিত হৈ নাৱেৰে ৰঙানদীৰ বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰি ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰাপ্যৰ বাবে যুঁজ দি যাব বুলি মন্তব্য কৰে।

কিন্তু সংবাদ মাধ্যমৰ আগত মন্তব্য নিদি ৰহস্যজনকভাৱে আঁতৰি থাকে ৰাহুল৷ কেৱল মাত্ৰ পৰিদৰ্শন কৰিয়েই আঁতৰি যোৱা কেন্দ্ৰীয় নেতাজনৰ এনে কাৰ্যত বানাক্ৰান্ত ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ কংগ্ৰেছ উপ-সভাপতিগৰাকীৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈ, ভূপেন বৰা, লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি ডঃ জয়প্ৰকাশ দাস উপস্থিত থাকে।

ৰাইজে কংগ্ৰেছৰ নেতা সন্তোষ মোহন দেৱৰ মৃত্যু নহ'লে কেতিয়াও অসমৰ বান চাবলৈ ৰাহুল গান্ধী অসমলৈ নাহিলহেতেন বুলি মন্তব্য কৰিছে।

ইফালে লখিমপুৰত বান পৰিস্থিতিৰ বুজ লৈয়ে ৰাহুলে পোনে পোনে শিলচৰলৈ ৰাওনা হয়। শিলচৰত প্ৰয়াত কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ মোহন দেৱৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ কন্যা সাংসদ সুস্মিতা সেনৰ লগতে পৰিয়ালৰ শোকসন্তপ্ত আন সদস্যসকলক সান্ত্বনা প্ৰদান কৰে।