গোগামুখ-মুছলপুৰত নদীৰ বুকু খুলি খাইছে একাংশই

গোগামুখ/মুছলপুৰঃ বনজ সম্পদ ৰক্ষাৰ দোহাই দি ৰাইজৰ পৰা ভোট ভিক্ষা কৰি শাসনৰ গাদী দখল কৰা ৰাজ্য চৰকাৰে বনজ সম্পদ ৰক্ষা কৰিব পাৰিছেনে৷ আজিও কাজিৰঙাৰ গড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷

ইমানবোৰ ধংসযজ্ঞৰ পিচতো যেন নিৰ্বিকাৰ ৰাজ্যৰ প্ৰশাসন৷ ধেমাজি জিলাত সোৱনশিৰি নৈ আৰু বিটিএডিৰ বাক্সা জিলাৰ দিৰিং নৈৰ বুকু খান্দি একাংশ লোকে চলাই গৈছে অবৈধ ব্যৱসায়৷

ৰাজ্যৰ অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰ জোটৰ চৰকাৰে অবৈধ বালিৰ ব্যৱসায় তথা তথা বনজ সম্পদ ধ্বংস কৰিবলৈ যেন ককালত টঙালি বান্ধিছে ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ উত্তৰকুচিৰ পৰা বৰিমাখালৈ দিৰিং নৈৰ ১২কিলোমিটাৰ অংশত য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ  মহল।

একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই শ্ৰমিক নিয়োগ কৰি নৈ খনৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বাক্সা জিলাৰ পৰা আন আন ঠাইলৈ বালি সৰবৰাহ কৰি আহিছে৷ পুৱতি নিশাৰ পৰা নিশা ৮বজালৈ বালি মহল বোৰত ভিৰ লাগে ট্ৰেক্টৰ, ট্ৰাক, ডাম্পাৰৰ।

ৰাজ্য চৰকাৰক কোনো ৰাজহ আদায় নিদিয়াকৈ প্ৰতিদিনে জিলা খনৰ পৰা ওলাই যায় শ শ বালিৰ ট্ৰেক্টৰ, ট্ৰাক, ডাম্পাৰ ৷

চালান বিহিন গাড়ী বোৰে মহলত তিনিশ আৰু বনবিভাগৰ লক্ষ্মীপুৰ এ ব্লক আৰু বৰিমাখা বনবিভাগৰ চৌকীত ১০০টকা দি পাৰ হৈ যায় বুলি অভিযোগ উত্থাপিত হৈছে।

দুই এখনৰ চালান থাকিলেও এখন চালানেৰে ৬-৭ খন গাড়ী পাৰ হয়৷ মাহেকত মাত্ৰ এখন চালান লৈ দিৰিং নৈৰ বালি অবৈধ ভাবে সৰবৰাহ হৈ আহিছে। এই ক্ষেত্রত মৌনতা অৱলম্বন কৰি আহিছে চৰকাৰ তথা প্ৰশাসনে।

বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই বনধ্বংসৰ বিৰুদ্ধ সোচ্চাৰ হৈ পৰা দেখা যায় যদিও ধেমাজি জিলাৰ সোৱনশিৰি নৈ বুকুতো অবৈধ খনন চলি আহিছে৷ ধেমাজি জিলাৰ ভিমপৰাত যধে মধে নৈ খনৰ বুকু উদং কৰি বালি শিলৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে একাংশ লোকে৷ 

ৰাজ্য চৰকাৰক কৰ ফাকি দি একাংশ মাফিয়াই চালান বিহীন ভাবে ট্ৰাকেৰে শিল বালি কঢ়িযায় বনজ সম্পদ ধ্বংস কৰি আহিছে৷