বৃহৎ নদীবান্ধ, যুৱ-ছাত্ৰৰ আহ্বানত ৰাজপথলৈ ওলাই আহিল ৰাইজ

গুৱাহাটীঃ অসমৰ বিশেষজ্ঞই নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিপৰীতে প্ৰতিবেদন দিয়াৰ পাছতো কেন্দ্ৰীয় চৰকাৰে যি কোনো বিনিময়ত প্ৰকল্পটো নিৰ্মাণ কৰিব খোজে৷ অসমৰ জনসাধৰণৰ জনমতক উপেক্ষা কৰি পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ শাসনত থকা বিজেপি দলে জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ ঠেহ পতা দেখা যায়৷

উত্তৰ অসমৰ ৰাইজৰ মৃত্যুদূতস্বৰূপ হৈ পৰিব পৰা নামনি সোঁৱণশিৰি জল বিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত ৰাজ্যত আজিও আন্দোলন অব্যাহত আছে৷ ২০১১ চনৰ পৰা বন্ধ কৰাৰ দাবীত অসমৰ ৰাইজ তথা বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনে ব্যাপক প্ৰতিবাদ অব্যাহত ৰাখিছে।

তাৰ মাজতে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ নদীবান্ধ আন্দোলনৰ বিৰুদ্ধে সক্ৰিয় হৈ থকা সংগঠনটোৰ জিলা সমিতি সমূহে কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে বিভিন্ন জিলাৰ সদৰত ধৰ্ণা কাৰ্যসূচী পালন কৰে৷

প্ৰথমাৱস্থাত ৰাজ্যৰ কেইবাটা সংগঠনে নদী বান্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল যদিও শেহতীয়াকৈ নীৰৱ ভূমিকা পালন কৰা দেখা যায়৷ অসমম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ লগতে এমুঠিমান সংগঠনেহে এই সংগ্ৰাম অব্যাহত ৰাখিছে৷ সংগঠনটোৰ আহ্বানত ৰাজপথলৈ ওলাই আহে ৰাইজ৷ হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ চৰকাৰ বিৰোধি শ্ল’গানেৰে উত্তাল কৰে ৰাজ্য৷

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নামনি সোঁৱণশিৰি জল বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কাৰ্য্য পুনৰ আৰম্ভ কৰি ততাতৈয়াকৈ সম্পূৰ্ণ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। চৰকাৰৰ এই ষড়যন্ত্ৰ অসমবাসীৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি অভিহিত হৈছে।

যি সময়ত ৰঙানদীৰ নীপকোৰ মাত্ৰ ৪৫০ মেগাৱাট ক্ষমতা সম্পন্ন নদীবান্ধৰ ফলত হোৱা সংহাৰী বানে উত্তৰ অসমৰ লক্ষিমপুৰ জিলাকে ধৰি নামনিৰ হেজাৰ হেজাৰ গাঁৱৰ মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি সাধন কৰে৷ তেনে সময়ত ৰঙানদী প্ৰকল্পতকৈ পাঁচগুণ অধিক অৰ্থাৎ ২০০০ মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোঁৱণশিৰিৰ বৃহৎ নদীবান্ধে উত্তৰ অসমৰ লগতে বিশ্ব ঐতিহ্য মাজুলীৰ কি অৱস্থা হ'ব সেয়া সহজে অনুমেয় বুলি সংগঠনটোৱে কয়।

কেন্দ্ৰত আৰু ৰাজ্যৰ শাসনভাৰ হাতত লোৱা বিজেপি দলে বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ অসমবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে বিজেপি দলে বৃহৎ নদীবান্ধৰ বিৰুদ্ধে প্ৰচাৰ-পত্ৰ বিতৰণ কৰি জনজাগৰণ সৃষ্টিৰে আন্দোলন গঢ়ি তুলিছিল।

কিন্তু দলটোৱে শাসন ভাৰ গ্ৰহণ কৰি নিশাটোৰ ভিতৰতে বৃহৎ নদীবান্ধৰ পক্ষপাতিত্ব কৰাটো লজ্জাজনক। কাৰ্য্যত কেন্দ্ৰীয় আৰু ৰাজ্যৰ দুখনৰ এনে স্থিতিয়ে অসমবাসীক চৰম প্ৰৱঞ্চনা কৰিছে।

বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিত থকা অসমৰ চাৰিজন বিশেষজ্ঞৰ মতামতক উপেক্ষা কৰি আৰু চৰকাৰে বৃহৎ নদীবান্ধৰ পক্ষ লৈ সোঁৱণশিৰি নদীবান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ ষড়যন্ত্ৰক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে গৰিহণা দিছে। লগতে উত্তৰ অসমৰ জনসাধাৰণৰ বাবে মৃত্যুদূতস্বৰূপ নামনি সোঁৱণশিৰিকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰস্তাৱিত সকলোবোৰ বৃহৎ নদীবান্ধৰ বন্ধ কৰাৰ দাবী জনায়। 


NNO চৰাইদেউঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নামনি সোঁৱণশিৰিকে ধৰি নামনিত অসমৰ ৰাইজক ক্ষতি কৰিব পৰা সকলোবোৰ নদীবান্ধ বন্ধৰ দাবীত বিভিন্ন শ্ল’গান দি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। কেইবাশতাধিক লোকৰ উপস্থিতিত বৃহৎ নদীবান্ধ বন্ধৰ দাবীত কৰা প্ৰতিবাদৰ অন্তত পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উপ-সভাপতি ৰবিজিৎ বৰুৱা আৰু সাধাৰণ সম্পাদক ৰাজীৱ ৰাজকোঁৱৰ স্বাক্ষৰিত স্মাৰক পত্ৰ চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

NNO বিশ্বনাথঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আজি বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচীৰ ৰূপীয়ণ কৰে৷ ধৰ্ণা কাৰ্যসুচীৰ অন্তত উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ জিলা সমিতিৰ সভাপতি কমলজিৎ দত্ত, সাঃ সম্পাদক অমৰ জ্যোতি বৰা, বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সহিতে তিনি শতাধিক লোক কাৰ্যসূচীত উপস্থিত থাকে৷

NNO ডিব্ৰুগড়ঃ বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্যজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ডিব্ৰুগড় জিলাটো পৰিষদৰ শতাধিক নেতা-কৰ্মীয়ে নামনি শোৱনশিৰি জল বিদ্যুৎ পকল্প বন্ধ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি গিৰিণ চেতিয়া আৰু সাধাৰণ সম্পাদক ৰাজীৱ গগৈয়ে স্বাক্ষৰ কৰা বিবৃতি যোগে অসমৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনা বৃহৎ নদীবান্ধ প্ৰকল্পৰ কাম অসমৰ জনগণৰ প্ৰৱল প্ৰতিবাদৰ পিছতো যদি চৰকাৰে বন্ধ নকৰে তেন্তে পৰিষদে অসমৰ ৰাইজৰ সহযোগত ব্যাপক জংগী আন্দোলন গঢ়ি তুলিব বুলি কয়।

NNO দিচাংমুখঃ শিৱসাগৰ জিলাতো আজি অসম জাতীয়দাবাদী যুৱ-ছাত্ৰ পৰিষদে বৃহৎ নদীবান্ধ বন্ধ কৰাৰ দাবীত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শিৱসাগৰৰ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷