
নগৰবেৰাঃ বাৰিষা বিয়াটো দূৰৈৰ কথা সেই অঞ্চললৈ বিয়াৰ বাবে ল'ৰা-ছোৱালীৰ ঘৰ চাবলৈও মানুহ নাহে৷ বাৰিষা সেই অঞ্চলটোৰ ল'ৰা-ছোৱালীৰ বিয়াৰ বাবে দুটি পৰিয়াল সন্মত হ'লেও শৰালি লৈকে ৰৈহে বিয়া পাতিব লাগে৷ কিয়নো বাৰিষাৰ ছয় মাহ সেই অঞ্চলটোলৈ কোনো ধৰনৰ চাৰিচকীয়া বাহন আহ-যাহ কৰিব নোৱাৰে৷
যাৰ বাবে কইনা নিবলৈ দৰা আহিব নোৱাৰে দৰাই কইনা আনিব যাব নোৱাৰে৷ লৰাৰ বিয়া হলে কইনা আনিবলৈ সমাজখনক লৈ গাড়ী-ঘোঁৰা লৈ যাব লগা হয়৷ আকৌ ছোৱালীৰ বিয়া হ'লে দৰাৰ ঘৰৰ পৰা গাড়ী-ঘোঁৰা লৈ কইনা নিবলৈ আহিব লগা হয়৷
কিন্তু সেই অঞ্চলটোত বাৰিষাৰ ৬ মাহ লৰা-ছোৱালীৰ বিয়া স্থগিত ৰখা হয়৷ কাৰণ সেই অঞ্চলটোলৈ আহ-যাহ কৰা মূল পথটোত আজিও এখনো দলং নাই৷ সংখ্যালঘু দৰদী নেতা-মন্ত্ৰীয়ে সেই অঞ্চলটোৰ উন্নয়ণৰ নামত অহা ধনবোৰ তেজৰ দৰে শুহি খায়৷ কেৱল ইমানেই নহয় অঞ্চলটোৰ লোকসকলে এন্ধাৰ হোৱাৰ আগে আগে ঘৰত সোমাব লগাগীয়া হয়৷ শুনি আঁচৰিত লাগিলেও এই কথা একেবাৰে সত্য৷
বৰপেটা জিলাৰ বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰা চৰ-ভাতনাপাইতি চৰ গড়কাপ্তানি পথত কেইডালমান বাঁহেৰে নিৰ্মান কৰা এখন দলংৰ বাবে এই অৱস্থা ৰাইজৰ৷ কামিহাড় ওলোৱা দলং নামেৰে বিখ্যাত বহুবল্কী বিধায়ক শ্বেৰমান আলীৰ সমষ্টিৰ এই দলং খন ভালদৰে নিৰ্মাণ কৰিবৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও আজিলৈকৈ বিধায়ক তথা চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
বৰপেটা জিলাৰ বাঘমাৰা চৰ, ভাতনাপাইতি চৰ আদি অঞ্চলৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, চাকৰিয়াল, শ্ৰমিক আদি সহিতে নিতৌ হাজাৰ হাজাৰ লোক বিপদ সংকুল ভাবে এই দলংখনেৰে আহ-যাহ কৰে৷ ৰাইজে বিধায়ক শ্বেৰমানক বাঘবৰৰ ৰজা আখ্যা দি কথাৰ ফুলজাৰিৰ বাহিৰে বিধায়কজনে একো কাম কৰিব নোৱাৰে বুলি অভিযোগ কৰে৷