এবছু আন্তঃআঞ্চলিক ফুটবলত কবিৰালী চূড়ান্ত বিজয়ী

শুক্লাইঃ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্টম বাৰ্ষিক আন্তঃআঞ্চলিক ১৩ বছৰ অনুৰ্ধ্ব ফুটবল টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিছে কবিৰালী আঞ্চলিক এবছুৱে।

ডিমাকুছি জেমছ বেংগা খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখনত দলটোৱে ডিমাকুছি আঞ্চলিক এবছুক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।

নিৰ্ধাৰিত সময়ত খেলখন গ'ল শূন্যভাৱে সমাপ্ত হোৱাত টাই-ব্ৰেকাৰৰ সহায় লোৱা হয়। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে কবিৰালী দলৰ মিথিংগা দৈমাৰীয়ে।