ৰাজ্যৰ গৃহ বিভাগে হত্যা কৰিছে লাফিকুলক, দাবী হামিদুলৰ

ওদালগুৰিঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ কেন্দ্ৰীয় নেতা লাফিকুল ইছলামক হত্যাৰ প্ৰতিবাদ এতিয়াও অব্যাহত আছে বিটিচি অঞ্চলত। হত্যাকাণ্ডৰ এসপ্তাহ উকলি যোৱাৰ পাছতো আজিলৈ উপযুক্ত দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ গৃহ বিভাগ।

ছাত্ৰ নেতাগৰাকীৰ হত্যাকাণ্ডত জড়িত উপযুক্ত দোষীক অতিশীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত আজি সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দিনৰ এঘাৰ বজাৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে সংগঠনটোৱে।

♦ ওদালগুৰিত এবিএমছুৰ উত্তাল প্ৰতিবাদ

প্ৰায় তিনি শতাধিক প্ৰতিবাদকাৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ "বিজেপি চৰকাৰ গ' বেক,লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ত কৰক, ন' এৰেষ্ট ন' ৰেষ্ট, বিজেপি চৰকাৰ হায় হায়, আমাক ন্যায় লাগে" ইত্যাদি শ্লোগানেৰে উত্তপ্ত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদত অংশগ্ৰহণ কৰি জিলা এবিএমছুৰ সভাপতি হামিদুল ইছলামে কয় যে ৰাজ্যৰ গৃহ বিভাগটো সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। "কোনো এক ঘটনা সংঘটিত হোৱাৰ আগত গৃহ তথা চোৰাংচোৱা বিভাগটোৱে আগতীয়াকৈ খবৰ পায়। কিন্তু লাফিকুল হত্যাৰ ক্ষেত্ৰত কিয় ব্যতিক্ৰম হ'ল?"-হামিদুলৰ প্ৰশ্ন।

লগতে তেওঁ আন এক বিস্ফোৰণ ঘটাই কয় লাফিকুল ইছলামৰ হত্যাকাণ্ড গৃহ বিভাগৰ ষড়যন্ত্ৰ আখ্যা দিয়ে। "লাফিকুল ইছলামৰ হত্যাকাণ্ড হ'ল গৃহ বিভাগৰ এক ষড়যন্ত্ৰ। গৃহ বিভাগে ষড়যন্ত্ৰ কৰি তেওঁক হত্যা কৰিছে।"-হামিদুলৰ দাবী।

আনহাতে অসম চৰকাৰে বিষয়টো সহজভাৱে নোলোৱাৰ অভিযোগ তুলি সভাপতিগৰাকীয়ে কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক শীঘ্ৰে নিলম্বন কৰি চিবিআই তদন্তৰ আওতালৈ আনিব লাগে বুলি দাবী জনায়।

অনতিপলমে লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ ভাবুকি প্ৰদান কৰি কয় যে অনাগত দিনত মুছলমান ৰাইজ ৰাজপথলৈ ওলাই আহিলে হ'বপৰা সকলো সাম্ভাব্য পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰ আৰু বিটিচি চৰকাৰ দায়ী হ'ব। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনকেইটাই।