জখলাবন্ধা আৰক্ষীৰ জালত গাড়ী চোৰ

কলিয়াবৰঃ জখলাবন্ধা আৰক্ষীৰ জালত পৰিল দুই গাড়ী চোৰ৷ বৃহস্পতিবাৰে নিশা জখলাবন্ধাত আৰক্ষীয়ে অভিযান চলাই এটা ভাৰাঘৰৰ পৰা আটক কৰে দীপাংকৰ কোচ আৰু ৰাজেশ বাগোৱাৰ নামৰ দুই গাড়ী চুৰিৰ সৈতে জড়িত দুজন লোকক।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বিশেষকৈ শোণিতপুৰ জিলাত গাড়ী চুৰিৰে সন্ত্ৰাস সৃষ্টি কৰা দুই গাড়ীচোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আহিছিল যদিও আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰি আছিল৷ বৃহস্পতিবাৰে নিশা জখলাবন্ধাৰ এটি ভাৰাঘৰত আত্মগোপন কৰি থকা অৱস্থাত জখলাবন্ধা আৰক্ষীয়ে আটক কৰে দুয়োকে। ধৃত দীপাংকৰ কোচ আৰু ৰাজেশ বাগোৱাৰৰ ঘৰ তেজপুৰত বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এটা লেপটপ, ১০ টা পেইন ড্ৰাইভ, ৬ খন মেমৰীকাৰ্ড, চাৰিখন চিম-কাৰ্ড, এটা দাতা-কাৰ্ড আৰু চাৰিখন চিডিৰ লগতে এখন AS-01-BP-2095 নম্বৰৰ চাৰিচকীয়া বাহন জব্দ কৰে। ইতিমধ্যে ত্ৰিশখনৰো অধিক গাড়ী চুৰি কৰি বহিঃৰাজ্যত বিক্ৰী কৰা বুলি জানিব পৰা গৈছে।

শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকীয়াজুলি আৰু বিশ্বনাথ-চাৰিআলিৰ পৰা গাড়ী চুৰি কৰি সৰবৰাহ কৰিছে নাগালেণ্ড আৰু অৰুণাচললৈ। চুৰি কৰা গাড়ীসমূহৰ নকল নথি-পত্ৰও তৈয়াৰ কৰি সহজেই বহিঃৰাজ্যলৈ ৰপ্তানি কৰি আহিছিল চক্ৰটোৱে। আনহাতে, কলিয়াবৰৰ পৰা গাড়ী চুৰি কৰাৰ পৰিকল্পনাৰে দুদিন ধৰি জখলাবন্ধাত আত্মগোপন কৰি আছিল দুয়োগৰাকীয়ে। জখলাবন্ধা আৰক্ষীৰ তৎপৰতাত বিফল হ'ল গাড়ী চুৰিৰ পৰিকল্পনা।