আদিবিম্বঃ লোকগীত, লোকনৃত্যৰে মুখৰিত হ'ব তিনিচুকীয়া

তিনিচুকীয়াঃ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ দ্বাৰা তিনিচুকীয়াৰ গুইজান গটং খেলপথাৰত অহা ১৫, ১৬ আৰু ১৭ মাৰ্চত অাদিৱাসী আদিবিম্ব শীৰ্ষক জনজাতীয় লোকনৃত্য, লোকগীত আৰু লোকনাট্য মহোৎসৱ অনুষ্ঠিত হ'ব।

উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে পশ্চিম বংগ, ঝাৰখণ্ডৰ নৃত্য,গীত আৰু নাট্যৰ দলে অংশগ্ৰহণ কৰিবলগীয়া এই জনজাতি মহোৎসৱৰ পৰিকল্পনা আৰু পৰিচালনা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ তথা ভাৰতৰ আগশাৰীৰ নাট পৰিচালক ৰতন থিয়ামৰ। 

তিনিচুকীয়াৰ গুইজানস্থিত গটং পথাৰত মুকলিকৈ সম্পূৰ্ণ পাৰম্পৰিক কলাৰে নিৰ্মাণ কৰা পৃথক পৃথক মঞ্চত নৃত্য প্ৰদৰ্শন কৰা হ'ব। এই নৃত্য সমূহৰ ভিতৰত আছে পশ্চিম বংগৰ চাওতালী নৃত্য, ঝাৰখণ্ডৰ চিংভূম চাও নৃত্য, মণিপুৰৰ মাও নৃত্য, মিজোৰামৰ চেৰৌ আৰু চাইলাম নৃত্য, ত্ৰিপুৰাৰ হজাগিৰি আৰু চাংগৰাই নৃত্য, মেঘালয়ৰ খাছী জনগোষ্ঠীৰ মস্তীয়া নৃত্য, জয়ন্তীয়া প্লেত আৰু গাৰো ৱাংগালা নৃত্য।

অনুষ্ঠানটোত অৰুণাচল প্ৰদেশৰ গালুং আৰু নাগৰুম নৃত্য, ছিকিমৰ লিম্বু নৃত্য, নাগালেণ্ডৰ চাকে চাং নৃত্য, অসমৰ বড়ো, ৰাভা, হাজং, মিছিং, মৰাণ, মটক, চুতীয়া, তাই আহোমৰ জনগোষ্ঠীয় নৃত্য, দেউৰী, টাই খামতি, টাইফাকে, সোনোৱাল-কছাৰী, মেছ-কছাৰীৰ জনগোষ্ঠীয় নৃত্য, চাহ জনগোষ্ঠীৰ কাঠি নৃত্য, ঝুমইৰ, চত্তিশগড়ী নৃত্যৰ লগতে কাৰ্বি, চিংফৌ আদি নৃত্যও প্ৰদৰ্শন কৰা হ'ব।

সম্পূৰ্ণ বিনামূলীয়া বিনামূলীয়া প্ৰৱেশৰ সুবিধা থকা এই মহোৎসৱ উপভোগৰ বাবে সকলোকে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে।

মহোৎসৱৰ প্ৰথমদিনা অনুষ্ঠিত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অধ্যক্ষ তথা দেশৰ অগ্ৰণী নাট পৰিচালক ৰতন থিয়ামৰ লগতে তিনিচুকীয়া আৰু চাবুৱাৰ স্থানীয় বিধায়ক ক্ৰমে সঞ্জয় কিষাণ, বিনোদ হাজৰিকাৰ উপৰি ভাৰতৰ কেইবাজনো আগশাৰীৰ সাংস্কৃতিক গৱেষক।